চীনত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে প্ৰাণ ল'লে ১৯০০ লোকৰ:য়ুহানৰ আগশাৰীৰ হাস্পতালৰ সঞ্চালকৰ সংক্ৰমণত মৃত্যু

Pic

চীনত ভয়াৱহভাৱে অব্যাহত আছে ক'ৰ'না ভাইৰাছৰ নৰসংহাৰ।এতিয়ালৈকে দেশখনত ৭২,০০০ গৰাকী লোক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।১৯০০ গৰাকীতকৈ অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে।ইফালে,মঙলবাৰে চীনৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ মুখ্য কেন্দ্ৰ য়ুহান চহৰত এখন আগশাৰীৰ হাস্পতাল বুচাং হাস্পতালৰ সঞ্চালক লিউ ঝিমিঙৰ ভাইৰাছবিধৰ সংক্ৰমণত মৃত্যু হয়।

Your Comments