অসম গণ পৰিষদ দলক প্ৰত্যাহ্বান জনাই গোলাঘাটত পুনৰ গঠন হ'ব নতুন আঞ্চলিক দল 

Pic

গোলাঘাটৰ প্ৰতিবেদক:

অসম চুক্তিৰ পিছত দুবাৰকৈ শাসনলৈ অহা অসম গণ পৰিষদ দলক প্ৰত্যাহ্বান জনাই বৃহৎ আঞ্চলিকতাবাদ দলটোৰ বিৰুদ্ধে পুনৰ অন্য এটা আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হ'ল।বিগত সময়ত অসমীয়া ৰাইজক ঠগি অহাৰ গুৰুতৰ অভিযোগ আনি দলটোৰ জন্মস্থান গোলাঘাটত সোমবাৰে 'আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ' নামেৰে অন্য এটা জাতি সুৰক্ষা দল গঠনৰ সাংগঠনিক  সভা অনুষ্ঠিত হয়।গোলাঘাটৰ ওমলা ঘৰত অনুষ্ঠিত হোৱা সভাখনত এটা ঐতিহাসিক প্ৰয়োজনীয়তাক গ্ৰহণ কৰি,গঠন হ'বলগীয়া দলটোত ইতিমধ্যে জড়িত হৈ পৰিছে শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱী।

Pic

জড়িত হৈ পৰিছে বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাকে মুখ্য কৰি বিশিষ্ট অধিবক্তা,লেখক অৰূপ বৰবৰা,অভিনেতা পৃথ্বিৰাজ ৰাভা আদি। উল্লেখযোগ্য যে দলটোত পৰামৰ্শদাতা ৰূপে থাকিব বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া। বিগত সময়ত জাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে জন্ম লৈ পৰৱৰ্তী পৰ্যায়ত অসমবাসীৰ স্বাৰ্থৰ বিপৰীতে গৈ অসমীয়াৰ বিশ্বাস হেৰৱাই পেলোৱা অসম গণ পৰিষদক তীব্ৰ সমালোচনা কৰি অনুষ্ঠিত হোৱা নতুন      আঞ্চলিক দল গঠনৰ সাংগঠনিক সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

Your Comments