'চিত্ৰ কোহিনুৰ ৰাষ্ট্ৰীয় সন্মান'ৰে সন্মানিত ৰাজীৱ দাস :নগাঁৱলৈ কঢ়িয়ালে গৌৰৱ

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁৱৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য প্ৰতিষ্ঠান আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসে 'চিত্ৰ কোহিনুৰ ৰাষ্ট্ৰীয় সন্মান-২০২০' লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্বভাৰতীয় সাংস্কৃতিক অনুষ্ঠান 'সংগীত নৃত্য ছ'ছাইটি' নামৰ সংগঠনটোৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১৩ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত এই সন্মান প্ৰদান কৰা হয়।এই সন্মানত আছে মানপত্ৰ, ম'মেন্ট', শল, কিতাপৰ টোপোলাকে ধৰি কেতবোৰ উপহাৰ। সাংস্কৃতিক-সামাজিক দিশত পাৰদৰ্শিতা দেখুওৱা ৰাজীৱ দাসকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ১২ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিছে ত্ৰিপুৰাৰ সংগঠনটোৱে। উল্লেখ্য যে, নগাঁও চহৰৰ পানীগাঁও নেতাজী ৰোড নিবাসী দাসে দীৰ্ঘদিন ধৰি চিত্ৰকলাৰ লগত জড়িত হৈ আছে।ইয়াৰ পুৰ্বেও তেওঁ আন্তঃৰাষ্ট্ৰীয় শিখৰ সন্মান, নন্দশ্ৰী বঁটা, চিত্ৰকৃৎ বঁটা, জাতীয় ফটোগ্ৰাফী বঁটা, নেচনেল অনাৰ এৱাৰ্ডকে ধৰি বিভিন্ন বঁটা লাভ কৰি নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।ইতিপূৰ্বে,মৃত্যুৰ পিছত নেত্ৰদানেৰে নিজৰ মহানুভতাৰ পৰিচয় দিয়া ৰাজীৱ দাসে শনিবাৰে গৃহ চহৰ নগাঁৱলৈ আহি পোৱাৰ পিছত তেওঁক বিভিন্ন ব্যক্তি-সংগঠনে আদৰণি জনাইছে।


 

Your Comments