"শিৱসাগৰ জিলাৰ সমূহ প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ প্ৰদান কৰা হ'ব"

Pic

শিৱসাগৰৰ প্ৰতিবেদক: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে জিলাখনৰ সকলো প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ প্ৰদান কৰি লাভান্বিত কৰাৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনৰ উদ্যোগত এটা বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এই সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোৱা ১৩ ফেব্ৰুৱাৰীত উপায়ুক্ত কাৰ্য্যালয়ৰ ছুকাফা সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়। সংবাদমেল সম্বোধন কৰি অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে কয় যে জিলাখনৰ মুঠ ৬০,৯৪৯ গৰাকী প্ৰধান মন্ত্ৰী-কিষাণ আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত ৩৫,৫০৪ গৰাকীয়ে ইতিমধ্যে বিভিন্ন বেংকৰ মাধ্যমেৰে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ লাভ কৰিছে। বাকী থকা ২৫,৪৪৫ গৰাকী হিতাধিকাৰীয়েও যাতে এই সুবিধা গ্ৰহণ কৰিব পাৰে,তাৰ বাবে চৰকাৰী নিৰ্দেশমৰ্মে যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৫ দিনৰ বাবে বিস্তৃতভাৱে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।কৃষি বিভাগৰ লগতে অগ্ৰণী বেংক আৰু নাবাৰ্ডৰ দ্বাৰাও গ্ৰাম্যাঞ্চলত এই বিত্তীয় সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী-কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে কিছান ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ লাভ কৰোতে বিশেষ কিছুমান সুবিধা পাব, যেনে, ৩ লাখ টকালৈকে ঋণৰ ক্ষেত্ৰত কোনোধৰণৰ Security Money বা Processing Fees হিতাধিকাৰীয়ে দিব নালাগে। তদুপৰি ঋণৰ আবেদন-পত্ৰ লাভ কৰা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰতে বেংকে হিতাধিকাৰীক ঋণ প্ৰদান কৰাটো বাধ্যতামূলক। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ আয় দুগুণে বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি খণ্ডৰ উন্নতি আৰু কৃষক সকলৰ আয় বৃদ্ধিৰ দ্বাৰাহে দেশৰ উন্নতি সম্ভৱ। কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ আবেদন-পত্ৰসমূহ ইতিমধ্যে বিতৰণ আৰম্ভ কৰা হৈছে। হিতাধিকাৰী সকলে কৃষি, পশুপালন আদি বিভাগীয় কাৰ্যালয়, ক্ষেত্ৰ পৰ্য্যায়ৰ বিষয়া বা সমূহীয়া সেৱা কেন্দ্ৰ (Common Service Centre) সমূহৰ পৰা এই আবেদন-পত্ৰ সংগ্ৰহ কৰিব পাৰিব।এই সংবাদমেলত অগ্ৰণী বেংক, নাবাৰ্ড, কৃষি, মীন, পশুচিকিৎসা আৰু পশুপালন, ৰেচম, উদ্যানশস্য আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Your Comments