থেঠা গোঁসাই থানৰ শ্ৰীশ্ৰীবিষ্ণু পূজা সম্পন্ন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

অগণন ভক্তৰে উদুলি-মুদুলি হৈ পৰা বৰভাগৰ ঐতিহাসিক দোকোহাস্থিত থেঠা গোঁসাই থানত অনুষ্ঠিত শ্ৰীশ্ৰীবিষ্ণু পূজাৰ শনিবাৰে সফল সামৰণি পৰে।বিষ্ণু পূজাৰ লগত সংগতি ৰাখি পঞ্চায়ত সভাপতি ফণী কলিতাৰ সভাপতিত্বত  অনুষ্ঠিত ধৰ্মীয় মহাসভাত দিলীপ কলিতা, অৰুণ দাসকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে বৰ্তমান সময়ত ধৰ্মৰ প্ৰাসংগিকতাৰ বিষয়ত    বক্তব্য প্ৰদান কৰে।ইয়াৰ পিছতে বাৰগোপালক ভোগ আৰু বস্ত্ৰ প্ৰদানৰ  লগতে নিৰ্মালি-ভোগ গ্ৰহণেৰে পূজা সমাপ্ত  কৰা হয়।ইয়াৰ পূৰ্বে পুৱাৰ ভাগত থানত বন্তি প্ৰজ্বলন,পূজা মণ্ডপৰ দ্বাৰ মুকলি,নাগাৰা নাম প্ৰদৰ্শন আদি অনুষ্ঠিত কৰা হয়।যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিষ্ণু পূজা উপলক্ষে চৈধ্য ফেব্ৰুৱাৰীত  অনুষ্ঠিত হয় ধ্বজা উত্তোলন, বৃক্ষৰোপণ, গৰখীয়া সেৱা, শ্ৰদ্ধাঞ্জলি, ভাগৱত পাঠ, নাগাৰা নাম প্ৰদৰ্শন। উল্লেখ্য যে ঐতিহাসিক থেঠা গোঁসাই থানখন ফেঙুৱা ৰজাৰ দিনতে স্থাপন কৰা  এখন বাৰগোপালৰ থান।থানখনৰ বিশেষত্ব এয়ে যে ইয়াত বিগ্ৰহৰ  কোনো মন্দিৰ নাই।মুকলিকৈ সকলো ভক্ত‌ই নৈবদ্য দিব পাৰে।ৰাইজে শৃংখলাবদ্ধভাৱে ভক্তক সেৱা আগবঢ়াবলৈ সুবিধা কৰি দিয়ে।জনশ্ৰুতি মতে এই থানত সেৱা জনালে শিশুৰ অস্পষ্ট মাত স্পষ্ট হয়।সম্প্ৰতি এই থানলৈ দূৰ-দূৰণিৰ পৰা ভক্তৰ  আগমণ ঘটে।থানখনক এখন পৰ্যটন স্থলী হিচাপে গঢ়িবলৈ চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈ কেনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে। ২০০২ চনৰ পৰা দোকোহাৰ উপৰিও থানৰ সংলগ্ন আৰংগমৌ, কমাৰকুছি , কোটালকুছি, নখেতি,  ৰাইটকুছি, ভঁৰালটোলা, বৰগাছা, উলবড়ী, কৰিয়া, ৰাইমাধা, কঁঠালঘোপা, বালা, কোঁৱৰপুৰ, শিমলীয়া আদি গাঁৱৰ উদ্যোগত প্ৰতিবছৰে ফাগুন মাহৰ এক আৰু দুই তাৰিখত উক্ত বিষ্ণু পূজা কৰা হয়।

Your Comments