'কা'ৰ বিৰুদ্ধে চৰকাৰক বাধ্য কৰিব পৰা জোৰদাৰ সংগ্ৰাম হোৱা নাই-অখিল গগৈ

Pic

মাওবাদীৰে জড়িত থকা গুৰুতৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ হাতত গ্ৰেপ্তাৰ হৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ডেৰমাহৰো অধিক সময় বন্দিত্বৰ জীৱন অতিবাহিত কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱালক শনিবাৰে অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত বিচাৰি হাজিৰ কৰে কামৰূপ(ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত।কটকটীয়া নিৰাপত্তাৰ মাজেৰে তিনিওগৰাকী কাৰাৰুদ্ধ নেতাক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পোনে পোনে আনি হাজিৰ কৰোৱা হয় আদালতত। আদালতত হাজিৰ কৰোৱাৰ সময়ত কৃষক নেতা গগৈয়ে কয়-"কা'ৰ বিৰুদ্ধে চৰকাৰক বাধ্য কৰিব পৰা সংগ্রাম জোৰদাৰ হোৱা নাই"। 'কা' আন্দোলনক যাতে ধ্বংস কৰিব পাৰে,তাৰ বাবে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয়- "একেটা বিষয়ৰ ওপৰত কেইবাটাও গোচৰ এজন মানুহৰ ওপৰত জাপি দি জিম্মাত বিচাৰিব পাৰে নেকি?বাৰম্বাৰ একেটা বিষয়ৰ ওপৰত গোচৰ কেনেকৈ লগাই থাকিব পাৰে!আন্দোলন সম্পূৰ্ণৰূপে নি:শেষ কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু সেই ষড়যন্ত্ৰৰ বলি হৈছোঁ আমি।" কৃষক নেতাকেইজনক আদালতলৈ অনাৰ সময়ত সমৰ্থকসকলে আদালতৰ চৌহদত 'জয় আই অসম' ধ্বনি পৰিৱেশ উত্তাল কৰি তোলে।লগতে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন নেতাক মুক্তি দিয়াৰ বাবে দাবী জনায়। আনহাতে,চৰকাৰৰ ব্লু-প্ৰিন্টত আদালতে বাধা প্ৰদান কৰে।'কা' আন্দোলনৰ সময়ত ধ্বংসকাৰ্য, ষড়যন্ত্ৰ আৰু দুষ্কাৰ্যৰে জড়িত থকাৰ অভিযোগত ২০১৯/১নম্বৰ গোচৰ ৰুজু কৰি অখিল গগৈক নিজৰ জিম্মাত বিচৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গগৈক জিম্মাত নিদিলে আদালতে।তাৰ পৰিৱৰ্তে আদালতে কিবা তদন্তৰ কৰিব লগা থাকিলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৰিব পাৰিব বুলি নির্দেশ প্ৰদান কৰে।

Your Comments