ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত সোণোৱাল-জুবিনৰ মুখামুখি

Pic

সৰুসজাইত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত শিল্পী জুবিন গাৰ্গ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰস্পৰক সাৱটি ধৰি অভিবাদন জনায়।নাগৰিকত্ব সংশোধনী আইনৰ পিছত প্ৰথমবাৰৰ বাবে শিল্পী জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী সোণোৱালক দেখা গ'ল মুখামুখি।উল্লেখ্য যে সোণোৱাল চৰকাৰে সমৰ্থন কৰা 'কা' আইনৰ তীব্ৰ বিৰোধিতা কৰিছে শিল্পী জুবিনে।ৰাজ্যজুৰি 'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি সোণোৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে '২১ত বিজেপিক ৰাইজে প্ৰত্যাখ্যান কৰিব লাগে বুলি শিল্পীগৰাকীয়ে বিভিন্ন সময়ত আহ্বান জনাইছে।

Your Comments