গোলাঘাটত ধিঙৰ বিধায়কৰ প্ৰতিকৃতি দাহ 

Pic

গোলাঘাটৰ প্ৰতিবেদক :

আহোমক বিদেশী আখ্যা দি খিলঞ্জীয়া নহয় বুলি যি বিতৰ্কিত মন্তব্য ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আগবঢ়াইছিল,তাৰ প্ৰতিবাদত বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ মাজমজিয়াত অৱস্থিত স্বৰ্গদেউ চ্যুকাফাৰ আবক্ষ মুৰ্তিৰ ওচৰত আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ  কৰে।সংগঠনৰ অৰ্ধশতাধিক বিষয়ববীয়াৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি যাদৱ কোঁৱৰ, জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱা, কাৰ্যকৰী সভাপতি পংকজ গগৈ,যুটীয়া সম্পাদক গৌতম লাহন,সহকাৰী সম্পাদক জয়ন্ত গগৈ, মুখ্য সাংগঠনিক সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰ,সাংগঠনিক সম্পাদক উমেশ গগৈ উপস্থিত থাকে।সভাপতি কৃষ্ণ বৰুৱাই কয় যে আমিনুল ইছলামে যদি ৰাজহুৱা ক্ষমা নোখোজে,তেন্তে আগন্তক দিনত আইনী ব্যৱস্থা ল'বলৈ তাই আহোম ছাত্ৰ সন্থা বাধ্য হ'ব। যাদৱ কোঁৱৰে কয় যে বুৰঞ্জী নজনা অলগৰ্ধ বিধায়ক ইছলামৰ যদি সাহস আছে আহোমৰ লগত সমুখ সমৰলৈ আহক।

Your Comments