'জাত-পাতৰ ৰাজনীতিক প্ৰতিহত কৰি দিল্লীৰ জয়ে ৰক্ষা কৰিলে ভাৰতৰ সংবিধান'-'আপ'ৰ অসম ৰাজ্যিক সমিতি

#Delhi elaction result#

অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে তৃতীয়বাৰৰ বাবে দিল্লী বিধানসভাত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশেৰে অগ্ৰসৰ হোৱাৰ লগে লগে দিল্লীৰ লগতে উৎফুল্লিত হৈ পৰে আম আদমী পাৰ্টী,অসম ৰাজ্যিকৰ কর্মীসকল।মঙলবাৰে পুৱাৰে পৰা গুৱাহাটী খাৰঘুলিস্থিত 'আপ'ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দেখিবলৈ পোৱা গ'ল কৰ্মীসকলৰ মাজত এক আনন্দৰ পৰিৱেশ।দুপৰীয়াৰ ভাগত কর্মীসকলে মহানগৰীত সাৱ্যস্ত কৰে বিজয় ৰেলী। দলৰ প্ৰধান প্ৰতীক ঝাড়ুৰ লগতে হাতে হাতে ঢোল-তাল লৈ ৰাজপথত বিহু নাচি প্ৰকাশ কৰে আনন্দৰ।

বিজয় ৰেলীৰ পিছতে  দিল্লীৰ ফলাফলত উৎফুল্লিত হৈ অসম ৰাজ্যিক নেতৃত্বই এখন সংবাদ মেল সম্বোধন কৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দিল্লীবাসী ভোটাৰসকলক ধন্যবাদ প্ৰদান কৰে।ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক নিশ্চিহ্ন কৰি পেলোৱা বাবে দিল্লীৰ সকলো ভোটাৰক ধন্যবাদ জনায়।

দিল্লীৰ ফলাফলে অসমত 'আপ'ৰ শক্তি বৃদ্ধি কৰা বুলি উল্লেখ কৰি সমন্বয়ক ডাঃ ভৱেন ডেকাই কয়-'২১ত অসমৰ ৰাইজে বিচাৰিলে প্ৰাৰ্থী দিব আপে।সেই প্ৰাৰ্থী দিল্লী তথা ৰাজ্যিক সমিতিয়ে নিৰ্বাচন নকৰে,সমষ্টিবাসী ৰাইজে নিৰ্বাচন কৰিব প্ৰাৰ্থী।'

'অসমত দলীয় সাংগঠনিক ভেঁটি দৃঢ় কৰাৰ বাবে বৰাক উপত্যকাক বাদ দি সমগ্ৰ অসমৰ প্ৰতিখন জিলাত গঠন কৰা হৈ জিলা সমিতি।গঠন কৰা হৈছে ৪০ খন বিধানসভা আৰু ৬০ খন গাঁওসভাৰ সমিতি।তাৰ ভিতৰত মধ্য অসম আৰু উজনি অসমত গঠন কৰা হৈছে অধিক সমষ্টি কমিটী'- সমন্বয়ক ডেকাই কয়।

'দিল্লীৰ জয়ে ৰক্ষা কৰিলে ভাৰতীয় সংবিধান।ৰাইজে সংবিধান বিৰোধী বিজেপিক প্ৰতিহত কৰি প্ৰমাণ কৰিলে 'কা' নামানে।ধৰ্ম-জাত-পাতৰ ৰাজনীতিক উফৰাই ৰাইজে কৰ্ম চাই চৰকাৰ গঠন কৰিবলৈ ৰায় দিলে'-ডেকাই লগতে কয়।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলখনত দলটোৰ সহ-সমন্বয়ক আব্দুল ৱাহিদে দেশত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজক আহ্বান জনায় কয়-'"আপ' ভাৰতীয় গণতন্ত্ৰত বিকল্প হিচাপে আগবাঢ়িছে।অসমবাসীৰ আৱেগক বিশ্বাস কৰি সংসদত 'কা'ৰ বিৰুদ্ধে মাত মাতিছে আপে।"


ৰাজ্যিক সম্পাদক বনদীপ দত্তই কয় যে ৰাইজে বিচাৰিলে সকলো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লগতে অনাগত দিনত সোণৰ, শিক্ষিত অসম গঢ়িব বুলি মন্তব্য প্ৰকাশ কৰে।তাৰ বাবে অসমৰ সকলো স্তৰৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে দলটোৱে।

Your Comments