দিল্লীৰ জনতাই জন্ম দিলে নতুন ৰাজনীতিৰ,যাৰ নাম হ'ল 'কৰ্ম ৰাজনীতি'-অৰৱিন্দ কেজৰিৱাল

#Arvind kajriwal AAP# দিল্লীৰ মুখ্যমন্ত্ৰী

দিল্লীৰ বিধানসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত আম আদমী পাৰ্টীৰ মুখ্য সমন্বয়ক তথা মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে ধন্যবাদ জনালে দিল্লীবাসীক।'তৃতীয়বাৰৰ বাবে আপোনালোকে নিজৰ সন্তান বুলি বিশ্বাস কৰিলে।এয়া দিল্লীৰ জনতা আৰু দেশৰ জয়'-কেজৰিৱালে কয়। কেজৰিৱালে আৰু কয়-'যি সন্তানৰ উচিত শিক্ষা বিচাৰে,যিসকলে ২৪ ঘণ্টা বিজুলী বিচাৰে,যি চিকিৎসাৰ ব্যৱস্থা ভাল হোৱাটো বিচাৰিছে, সেইসকলৰ জয়।' 'দিল্লীৰ জনতাই এটা নতুন ৰাজনীতিৰ জন্ম দিলে।যাৰ নাম কৰ্ম-ৰাজনীতি।এয়া দেশৰ বাবে এটা শুভ সংবাদ।এই ৰাজনীতি সমগ্ৰ দেশত বিয়পি পৰিব লাগিব'- কেজৰিৱালে কয়। আনহাতে আজিৰ দিনটো মঙলবাৰ হনুমানৰ দিন বুলি কৈ তেওঁ কয়- 'প্ৰভু হনুমানে আজি দিল্লীত আৰ্শীবাদ দিছে।যাতে আগন্তক পাঁচ বছৰত দিল্লীবাসী ৰাইজৰ বাবে কাম কৰি দিল্লীক এখন সুন্দৰ চহৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।' হনুমানে তেওঁক শক্তি দিব বুলি কেজৰিৱালে উল্লেখ কৰে। দলৰ কৰ্মীসকলৰ সৈতে পত্নী সুনীতাই বহুত কষ্ট কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়-'আজিৰ বিশেষ দিনটোত মোৰ পত্নীৰ জন্মদিন।দিল্লীবাসী সকলোৱে কে'ক খাব।' উল্লেখ্য যে নতুন দিল্লী সমষ্টিৰ পৰা মুঠ ৩৩,৮৩০টা ভোট লাভ কৰি জয়ী হোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী সুনীল কুমাৰ যাদৱে লাভ কৰিছে ১৫,৯৪৫টা আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৫৩৩টা ভোট।

Your Comments