নলবাৰীত প্ৰজ্ঞাৰ সাধক শশী শৰ্মাৰ স্মৃতিচাৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

আজীৱন সংগ্ৰামী,বিশিষ্ট সাহিত্যিক-সমালোচক, সমাজ ৰূপান্তৰ সংগ্ৰামৰ অক্লান্ত যোদ্ধা, প্ৰজ্ঞাৰ সাধক সদ্যপ্ৰয়াত শশী শৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ বুধবাৰে তেখেতৰ বাসগৃহৰ সন্মুখত  এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৱা আঠাইশ জানুৱাৰীত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মাৰ নলবাৰী জাপাৰকুছিৰ বাসভৱনৰ সম্মুখত এই উপলক্ষে সোঁৱৰণী সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আৰম্ভণিতে শশী শৰ্মাৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্জ্বলন কৰে তেওঁৰ পৰিবাৰ বীণাপাণি দেৱীয়ে।তাৰ পিচতে অধ্যাপক ৰাজেন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় স্মৃতিচাৰণ।অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱীগৰাকীক স্মৰণ কৰি সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে শশী শৰ্মাই মৃত্যুহীন জীৱন লৈ জন্মগ্ৰহণ কৰিছিল। ১৯৫৫ চনত  দীনেশ চন্দ্ৰ মিশ্ৰৰ জীৱনীগ্ৰন্থ লিখা শশী শৰ্মাই আৰু উভতি চাবলগীয়া হোৱা নাছিল। তেওঁ এখনৰ পিচত আনখনকৈ শতাধিক মূল্যৱান গ্ৰন্থ লিখে।এই গ্ৰন্থসমূহে শশী শৰ্মাক বৌদ্ধিক আৰু সাহিত্যৰ জগতত জীয়াই ৰাখিব বুলি ড° ভট্টাচাৰ্যই কয়।বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱী হাইদৰ হুছেইনে সভাত দিয়া ভাষণত কয় যে শশী শৰ্মাই ভৱিষ্যতৰ প্ৰজন্মক প্ৰকৃত পথৰ সন্ধান দিব পাৰিছিল।তেওঁ আৰু কয় যে মাৰ্ক্সবাদ এক এৰাব নোৱৰা  আৰু চিন্তনীয় বিষয়।এই মাৰ্ক্সবাদ শশী শৰ্মাই ভালদৰে উপলব্ধি কৰিছিল।বিশিষ্ট মাৰ্ক্সবাদী নেতা হেমেন দাসে শশী শৰ্মাৰ চিন্তা,চেতনা আৰু প্ৰজ্ঞাৰ বিষয়ে উল্লেখ কৰি নতুন প্ৰজন্মক শশী শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়।চিপিআই(এম) দলৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই অধ্যাপক শশী শৰ্মাৰ মাৰ্ক্সবাদী জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰে।মহেশ দত্তই প্ৰস্তাৱ উত্থাপন কৰা অনুষ্ঠানত এম এন চি বালিকা কলেজৰ অধ্যক্ষ ড° কৃষ্ণ চন্দ্ৰ গৌড়,অৱসৰী অধ্যক্ষ মুৰাৰী মোহন দত্ত, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আদিয়েও বক্তব্য প্ৰদান কৰে।সাংবাদিক মনোজ শৰ্মাই দহৰ বাবে শীৰ্ষক স্বৰচিত কবিতা আবৃত্তি কৰা সভাখনত গীত পৰিৱেশন কৰে অমিয় হাজৰিকা, ৰাজশ্ৰী দাস, নন্দকিশোৰ ভূঞাই।

Your Comments