ক'ৰ'না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ পিছত বিশ্বজুৰি পৰ্যটন উদ্যোগৰ বিস্তৰ ক্ষতি 

Pic

ক'ৰ'না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ বাবে এতিয়া বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ পৰ্যটন উদ্যোগৰ ব্যাপক ক্ষতিসাধন হৈছে।ক'ৰ'না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ পৰ্যটন উদ্যোগ এতিয়া গভীৰ সংকটৰ মুখামুখি হৈছে।চীনলৈ ভিন্ন দেশৰ পৰ্যটকৰ আগমন বহু কমি গৈছে।ভাৰতৰ লগতে আমেৰিকা,অষ্ট্ৰেলিয়া,নিউজীলেণ্ড আদি প্রায় প্ৰতিখন দেশেই নিজ নিজ দেশৰ নাগৰিকসকলক চীনৰ পৰা বিশেষ বিমান যোগে উভতাই আনিছে।প্ৰতি বছৰে চীনৰ বহুসংখ্যক পৰ্যটকৰ আগমন ঘটা থাইলেণ্ডৰ পৰ্যটন উদ্যোগ এতিয়া যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে,কাৰণ চীনৰ পৰ্যটকৰ আগমন দেশখনলৈ বহুখিনি হ্ৰাস পাইছে।আনহাতে,ভাৰতৰ পৰ্যটকৰ ৰম্যভূমি কেৰেলা প্ৰদেশত ক'ৰ'না ভাইৰাছৰ সক্ৰমণ ধৰা পৰাৰ পিছত প্ৰদেশখনলৈ পৰ্যটকৰ আগমনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

Your Comments