নলবাৰী জিলাৰ ৪০৮টা পৰিয়ালক ভূমি পট্টা প্ৰদান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰীৰ ৪০৮ টা ভূমিহীন পৰিয়ালক মঙলবাৰে মাটিৰ পট্টা প্ৰদান কৰা হয়।নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে নলবাৰী,ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী সমষ্টিৰ মুঠ ৪০৮ টা ভূমিহীন পৰিয়ালক ২৮ জানুৱাৰীৰ দিনা আনুষ্ঠানিকভাৱে মুঠ ৪২৬ বিঘা ১১ লেচা মাটিৰ পট্টা প্ৰদান কৰে৷ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত আয়োজিত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠানত উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিনিধি পৱিত্ৰ কুমাৰ ডেকা,জিলা পৰিষদৰ চিইঅ' কৃষ্ণা বৰুৱা,অধ্যক্ষ নিতুল ডেকা আৰু পৌৰ-সভানেত্ৰী বিপাশা দাস আদি উপস্থিত থাকে৷অনুষ্ঠানটোৰ পৰিচালনা কৰে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈয়ে৷

Your Comments