অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাথোঁ দুটা দিন বাকী:এতিয়াও শৃংখলাবদ্ধ হোৱা নাই প্ৰস্তুতিৰ  কাম 

Pic

শুৱালকুছিৰ 'জ্যোতি ক্ষেত্ৰ'ৰ পৰা মৃৃৃণাল ডেকা:

অসম  সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনলৈ মাজত মাথোঁ দুটা দিন বাকী ৷ অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধিৱেশন বুলি কলে যিধৰণে সৰ্বসাধাৰণ ৰাইজৰ মাজত স্বতঃস্ফূৰ্ত উৎসাহ - উদ্দীপনা থাকিব লাগিছিল যদিও সেয়া নাই বস্ত্ৰনগৰী শুৱালকুছিৰ অধিৱেশনত।সৰ্বসাধাৰণক  প্ৰত্যক্ষ জড়িত কৰাৰ বাবে আদৰণি সমিতিয়েও  কোনো ধৰণৰ ব্যৱস্থা তথা সুপৰিকল্পনা  গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে ৷ কেৱল মাত্ৰ সজাগতা সভা আৰু বাইক ৰেলীৰে সৰ্বসাধাৰণ ৰাইজক আকৃষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ৰাইজৰ স্বতঃস্ফূৰ্ত সহাঁৰি পৰিলক্ষিত হোৱা নাই ৷ আনহাতে , অধিৱেশনৰ প্ৰস্তুতিৰ বাবে ৰাজ্য চৰকাৰৰ  গড়কাপ্তানি বিভাগ,জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ , অসম শক্তি বিভাগ,আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা সংশ্লিষ্ট বিভাগসমূহ দিনেই-নিশাই ব্যস্ত হৈ পৰিছে ৷ অধিৱেশনলৈ মাজত মাথোঁ দুটা দিন থকাত বিষয়া-কৰ্মচাৰী,বনুৱা-ঠিকাদাৰৰ গাত তত নোহোৱা হৈছে।ৰাষ্টা - ঘাট,নলা-নৰ্দমা , নিৰ্মাণ,পানী যোগান,প্ৰতিনিধি থকা  শিক্ষানুষ্ঠানৰ শৌচালয়ৰ ব্যৱস্থা , বিদুৎ পৰিবাহী তাঁঁৰ সংযুক্ত কৰা,পদপথত ষ্টীট লাইট আদিৰ উপৰিও সাহিত্য সভাৰ অচিলা লৈ বস্ত্ৰ নগৰীৰ প্ৰায়ভাগ বাট-পথ আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ মেৰামতিৰ কাম তীব্ৰ গতিত চলি আছে ৷ মাজত মাথোঁ দুটা দিন থকা  অৱস্থাত   অধিৱেশনৰ কাম-কাজ প্ৰায় ৮০  শতাংশ সম্পূৰ্ণ হৈছে যদিও দুটা দিনত কাম সম্পূৰ্ণ  হ'ব নে নাই ,এই।লৈ শংকা ব্যক্ত কৰিছে নৱ নিৰ্বাচিত উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ৷ সোমবাৰে শুৱালকুছি 'জ্যোতি ক্ষেত্ৰ'ৰ অধিৱেশনস্থলীৰ প্ৰস্তুতি বুজ লৈ কয় যে মাজত দুটা দিন থকা অৱস্থাত কাম-কাজ এতিয়াও কিছু বাকী থকাৰ লগতে প্ৰস্তুতিৰ কাম-কাজ এতিয়াও শৃংখলাবদ্ধ হোৱা নাই বুলি মন্তব্য কৰাৰ লগতে তেও আশা কৰে  নিৰ্দিষ্ট দিনত সকলো কাম সুন্দৰকৈ হ'ব।

Pic

আনহাতে,অসম চৰকাৰৰ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ড: হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে অধিৱেশনস্থলীত উপস্থিত হৈ অগ্ৰগতিৰ বুজ লোৱা নাই ৷ আনহাতে , অধিৱেশনস্থলীত সংবাদ কৰ্মীসকলৰ বাবে  কোনো ধৰণৰ সুব্যৱস্থা নথকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় সাংবাদিকসকলে ।সুপৰিকল্পনাৰ অভাৱতেই অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ এতিয়াও শৃংখলাবদ্ধ হোৱা নাই প্ৰস্তুতিৰ কাম ৷

Pic

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ ১৯৭৯ চনত বস্ত্ৰ নগৰী শুৱালকুছিত অনুষ্ঠিত হৈ যোৱা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰায়বোৰ কাম অভ্যৰ্থনা সমিতিৰ অধীনত উপ-সমিতিয়ে সম্পন্ন কৰিছিল ৷ ৰাইজৰ স্বতঃস্ফূৰ্ত সহাঁৰি আছিল ৷ বিপৰীতে অসম সাহিত্য সভাৰ শুৱালকুছিৰ  ব্ৰহ্মপুত্ৰ পাৰৰ সেউজ বালিচৰৰ 'জ্যোতি ক্ষেত্ৰ'ৰ পঞ্চসপ্ততিতম  অধিৱেশনত একপ্ৰকাৰ চৰকাৰী বিভাগসমূহৰ সক্ৰিয়তা দেখিবলৈ পোৱাৰ বিপৰীতে ৰাইজক নিষ্ক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে।

Your Comments