ৰাজহ মন্ত্ৰীৰ দ্বাৰা শিৱসাগৰত ২০২৬ গৰাকী ভূমিহীন লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে শিৱসাগৰ জিলাৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ এটা অনুষ্ঠানিক সমাৰোহ অনুষ্ঠিত হয়।এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে নিজ ভাষণত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ এই প্ৰক্ৰিয়াক অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপৰূপে অভিহিত কৰে। ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাৰ দ্বাৰা খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ লাভৰ মাধ্যমেৰে বিভিন্ন চৰকাৰী সুবিধা লাভ কৰি নিজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ মতপ্ৰকাশ কৰে। অহা মাৰ্চ মাহৰ ভিতৰত প্ৰায় ৪০,০০০ গৃহহীন লোকক মাটিৰ পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদানৰ এক লক্ষ্য স্থিৰ কৰা বুলি তেওঁ ঘোষণা কৰাৰ লগতে এই দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সকলক আহ্বান জনায়। এই প্ৰচেষ্টা সফল কৰাৰ বাবে ৰাইজৰ মাজত প্ৰয়োজনীয় সজাগতা বৃদ্ধিৰ বাবে মন্ত্ৰীগৰাকীয়ে গাওঁবুঢ়াসকলক উদ্যোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ কয়। নিজ বক্তব্যত তেওঁ ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিষয়ে উল্লেখ কৰি কয় যে, এতিয়া ভূমি সংক্ৰান্তীয় সমূহ তথ্য ৱেবচাইট যোগে সহজতে উপলব্ধ হ'ব। চৰকাৰী পদক্ষেপ সমূহত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ তথা সমালোচনাৰ প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰকাৰে থলুৱা আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা সবল পদক্ষেপ সমূহৰ বাবে আজি "আমাৰ মাটি আমাৰ অধিকাৰ" শ্লোগানে কাৰ্যকৰী ৰূপ লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে অসম চৰকাৰৰ এই পদক্ষেপৰ ভূয়সী প্রশংসা কৰে। অসম চৰকাৰে খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আৰু তেওঁলোকৰ সমস্যাসমূহৰ আশু সমাধানৰ বাবে অহৰহ কাম কৰি আহিছে বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে। চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ  সহযোগিতা নিতান্তই প্ৰয়োজনীয় বুলি তেওঁ মতপোষন কৰে।

জিলা উপায়ুক্ত ডাঃ এম. এছ.  লক্ষ্মীপ্ৰিয়াই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা জিলাখনৰ দৰিদ্ৰ-ভূমিহীন ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য প্ৰদান কৰে।। 

উল্লেখযোগ্য যে অনুষ্ঠানত ১,৫০৮ গৰাকী হিতাধিকাৰীৰ মাজত ম্যাদী খেৰাজী পট্টা (Periodical Patta) আৰু ৫১৮ গৰাকী হিতাধিকাৰীৰ মাজত আৱণ্টন পত্ৰ (Allotment Certificate) বিতৰণ কৰা হয়। আজি মুঠ ৩,০৬৫ বিঘা ৪ কঠা ৭ লেছা মাটিৰ বাবে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত বিশিষ্ট সমাজ সেৱক ভৱেন মহন, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুমাৰী, যুৱ সমাজ সেৱক প্ৰাঞ্জল কটকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব গকুল মোহন হাজৰিকা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মুন গগৈ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে জুনুমণি সোনোৱাল, বিদিত দাস, দিলীপ টেৰাং, নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, ৰাজহ চক্ৰ বিষয়া সকল, জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল, হিতাধিকাৰী সকল আৰু ৰাইজ উপস্থিত থাকে।

Your Comments