বন্দীশালৰ সুপ্ত প্ৰতিভাক বাহিৰলৈ উলিয়াই আনিলে মৰিগাঁও জিলা প্ৰশাসনে:'বন্দীশালৰ শব্দমালা' কাব্যগ্ৰন্থ উন্মোচন

Pic

মৰিগাঁৱৰ পৰা জিতু মণি নাথ:

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰে এটা ব্যতিক্ৰমী কাৰ্যসূচী। বিশেষকৈ সাধাৰণ মানুহৰ  সহজ দৃষ্টিত পোহৰলৈ নহা সুপ্ত প্ৰতিভাক বাহিৰ জগতলৈ উলিয়াই আনিবলৈ প্ৰয়াস কৰা ঘটনাক মৰিগাঁৱৰ বৌদ্ধিক আৰু সমাজ সচেতন লোকসকলে উচ্চ প্ৰশংসা কৰিছে জিলা প্ৰশাসনক। বিশেষকৈ মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে জিলাবাসীয়ে।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ দৃষ্টিগোচৰ হয় জিলা কাৰাগাৰত বন্দিত্বৰ জীৱন অতিবাহিত কৰা আনিছ আহমেদ,ৰাম প্ৰসাদ পাল আৰু আবুল হাছেন নামৰ কয়দীকেইজন। অন্ধকাৰ জীৱন অতিবাহিত কৰি থকাৰ সময়তে তেওঁলোকে নিজৰ জীৱনৰ তিক্ততাময় জীৱন গাঁথা কবিতা মাধ্যমৰে প্ৰকাশ কৰি নিজকে আশ্বস্ত কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁলোকৰ কবিতাসমূহ সংগ্রহ কৰি তেওঁলোকৰ জীৱনত সুপ্ত হৈ থকা প্ৰতিভাসমূহক সৰ্বসাধাৰণ মানুহৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়াস কৰি এখন গ্ৰন্থৰ ৰূপ দিবলৈ চেষ্টা কৰে উপায়ুক্তগৰাকীয়ে।ইয়াৰ পিছতেই সুপ্ত প্ৰতিভাধাৰী কবিকেইজনৰ কবিতাসমূহক গ্ৰন্থ ৰূপ দিবলৈ জিলা প্ৰশাসন আৰু প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ  সহযোগিতাত   গ্ৰন্থখনি প্ৰকাশৰ বাবে আগবাঢ়ি আহে মৰিগাৱঁৰ বিশিষ্ট কবি অজিত কুমাৰ  ৰায়ৰ প্ৰকাশন  গোষ্ঠীয়।'বন্দীশালৰ শব্দমালা' কাব্যগ্ৰন্থখনিয়ে এক সাকাৰ ৰূপ লোৱাৰ  পিছতেই গণৰাজ্য দিৱসত গ্ৰন্থখনি উন্মোচন কৰে অসম চৰকাৰৰ ৰাজ্যিক স্থাস্থ্য আৰু নগৰ উন্নয়ন মন্ত্ৰী পিয়ুষ হাজৰিকাই। মন্ত্ৰী পিয়ুষ হাজৰিকাই জিলা উপায়ুক্তগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

 

Your Comments