বৰপেটাৰোডত যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টা কৰা দোষীক অতি শীঘ্ৰে আটক কৰিবলৈ দাবী দল-সংগঠনৰ:থানা ঘেৰাও

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটাৰোডৰ খৈৰাবাৰীৰ সুজিৎ সৰকাৰৰ তেল ডিপোৰ কাষত থকা সৰকাৰৰ বাসগৃহত যোৱা ১৭ জানুৱাৰীৰ নিশা চহৰখনৰ যুৱ ব্যৱসায়ী অনুপম ওজা ওৰফে কণক উত্তৰ বৰপেটাৰোডৰ ৰাহুল পাটোৱাৰী ওৰফে গুণই বটলৰে হানি-খুচি হত্যা কৰিবলৈ চেষ্টা কৰিছিল ৷ ভাগ্যক্ৰমে কণ বাচি যায় যদিও বাৰুকৈয়ে আঘাতপ্ৰাপ্ত হোৱাত গুৱাহাটীত চিকিৎসাধীন হ'ব লগাত পৰে ৷ আনহাতে, এই ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা ৰাহুলে  পলায়ন কৰে ৷ এই সম্পৰ্কত কণে বৰপেটাৰোড আৰক্ষী থানাত এটা গোচৰ দিয়াৰ পিছতো আজিলৈকে ৰাহুলক আৰক্ষীয়ে আটক কৰিব নোৱাৰাত বৰপেটাৰোডৰ ভালেকেইটা দল-সংগঠনে উদ্বেগ প্ৰকাশ কৰিছে ৷ সেয়ে বৃহস্পতিবাৰে ৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰপেটাৰোড আঞ্চলিক সমিতি, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বাবুপাৰা যুৱ সমাজ, অনিল মোজ্জামিল স্মৃতি সংঘ, বনজ্যোতি ক্লাব, ৰংগালয় , বৰপেটাৰোড বিহু সুৰক্ষা সমিতিৰ প্ৰতিনিধিসকলে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসক সাক্ষাৎ কৰে আৰু এই ঘটনাৰ নায়ক ৰাহুল পাটোৱাৰীক অতি শীঘ্ৰে আটক কৰিবলৈ অনুৰোধ জনায় ৷ আৰক্ষী বিষয়াগৰাকীয়ে ৰাহুলক আটক কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰি অতি সোনকালে আটক কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে ৷


 

Your Comments