জিন্নাক ধৰ্মনিৰপেক্ষ আখ্যা দি বিতৰ্কৰ সূচনা কৰিলে নেতাজীৰ পৰিনাতি চন্দ্ৰ কুমাৰ বসুয়ে

Pic

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ দিনাই পাকিস্তানৰ পিতৃ পুৰুষ মহম্মদ আলী জিন্নাক ধৰ্মনিৰপেক্ষ আখ্যা দি বিতৰ্কৰ সূচনা কৰিলে নেতাজীৰ পৰিনাতি তথা বিজেপি নেতা চন্দ্ৰ কুমাৰ বসুৱে।বৃহস্পতিবাৰে কলকাতাত এটা অনুষ্ঠানত চন্দ্ৰ কুমাৰ বসুৱে কয় যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সাম্প্ৰদায়িক নেতাসকলৰ বাবে দেশ বিভাজন হৈছিল।জিন্না ধৰ্মনিৰপেক্ষ আছিল আৰু তেওঁ দেশ বিভাজন বিচৰা নাছিল।যেতিয়া কংগ্ৰেছে জিন্নাক একাষৰীয়া কৰি পেলাইছিল,তেতিয়া তেওঁ বুজি উঠিছিল যে স্বাধীন ভাৰতত তেওঁ ক্ষমতাৰ অংশীদাৰ নহ'ব।তেতিয়া তেওঁ ১৯৪০ চনত কংগ্ৰেছত পাকিস্তানৰ বিষয়টো উত্থাপন কৰিছিল।ইয়াৰ পূৰ্বে জিন্না পাকিস্তানৰ পক্ষত নাছিল।বসুৱে লগতে কয় যে মহাত্মা গান্ধী,নেহৰু,পেটেলে অনিচ্ছা স্বত্বেও ভাৰত বিভাজন মানি ল'বলৈ বাধ্য হৈছিল।

Your Comments