মুখ্যমন্ত্ৰীৰ উপস্থিতিত আত্মসমৰ্পন আলফা(স্বা)সহ ৮টাকৈ উগ্ৰপন্থী সংগঠনৰ ৬৪৪জন কেডাৰৰ

Pic

অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ৬৪৪জন উগ্ৰপন্থী।গুৱাহাটী মেডিকেল কলেজ হাস্পতাল প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত আত্মসমৰ্পন কাৰ্যসূচীত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত অস্ত্ৰ ত্যাগ কৰে ৰাজ্য মুঠ ৮টাকৈ উগ্ৰপন্থীৰ সংগঠনৰ কেডাৰে।

Pic

উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজিত অস্ত্ৰ সম্বৰণৰ কাৰ্যসূচীলৈ অহা প্ৰতিগৰাকী উগ্ৰপন্থী কেডাৰক গামোচা পিন্ধাই প্ৰেক্ষাগৃহৰ ভিতৰলৈ আদৰণি জনোৱা হয়। আঠটা উগ্ৰপন্থীৰ সংগঠনৰ সদস্যই মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ সমৰ্পণ কৰে। মুখ্যমন্ত্ৰীয়ে সদস্যসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।নিজৰ ভাষণ প্ৰসংগত সোনোৱালে কয়- 'আজিৰ দিনটো এটা ঐতিহাসিক দিন।উঠি অহা লৰা-ছোৱালীক আমি মানুহ হিচাপে গঢ় দিব লাগিব।' কাৰ্যসূচীত উপস্থিত থাকি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়-'যিসমূহ অস্ত্ৰ কেডাৰসকলে জমা দিছে বেছিভাগেই শক্তিশালী।এই সময়ত আমাৰ হাতলৈ এই শক্তিশালী অস্ত্ৰসমূহ গুচি অহাটো এটা শুভ লক্ষণ।অসম বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বিটিএডিৰ নিৰ্বাচনৰ আগমুহূৰ্তত অস্ত্ৰসমূহ আমাৰ হাতলৈ গুচি অহাটো গুৰুত্বপূৰ্ণ কথা হৈছে।' আত্মসমৰ্পন অনুষ্ঠানত আলফা(স্বা)ৰ ৫০জন, এনডিএফবিৰ ৮জন, কেএলঅ'ৰ ৬জন, আৰএনএলএফৰ ১৩, এনএছএলআৰৰ ৮৭জন, এডিএফৰ ১৭৮জন আৰু এনএলএফবি ৩০১জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰে। এই কথা জনাই আৰক্ষী সঞ্চালক প্ৰধান মহন্তই। লগতে তেওঁ কয় ১৭৭টা বিভিন্ন চিৰিজৰ ৰাইফল, ১৬৮৬টা সজীৱ গুলী, ৫২টা গ্ৰেনেড, ৭১টা বোমা,৩টা ৰকেট লান্সাৰ, ৫৮টা মেগজিন, ১৭খন খুকুৰি লগতে অন্যান্য বহু সামগ্ৰী উগ্ৰপন্থীসকলে জমা দিয়ে। আনহাতে আত্মসমৰ্পন কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,সেনা বাহিনীৰ বহুকেইজন শীর্ষক বিষয়া।

Your Comments