অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল ভাৰতৰ

Pic

ৰোহিত শৰ্মাৰ বিস্ফোৰক শতকেৰে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  তিনিখনীয়া এদিনীয়া শৃংখলা দখল ভাৰতৰ।দেওবাৰে বেংগালুৰুত অনুষ্ঠিত অন্তিমখন মেচত অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৮৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৫ টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়ী হয় কোহলি বাহিনী।কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই প্ৰথম উইকেটৰ জুটিত ৬৯ ৰাণ যোগ দিয়ে।ৰোহিত শৰ্মাই ব্যক্তিগতভাৱে ১১৯ ৰাণৰ বৰঙণি আগবঢ়ায়।।ইয়াৰ উপৰিও অধিনায়ক বিৰাট কোহলিয়ে ৮৯ ৰাণৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।

আনহাতে,টচত জিকি প্ৰথমে বেটিং কৰি        অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰ বেটছমেন ষ্টিভেন স্মিথে দললৈ সৰ্বাধিক ১২৩ ৰাণৰ  বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে দেওবাৰৰ জয়ৰ পিছত তিনিখনীয়া শৃংখলা ২-১ ব্যৱধানত হস্তগত কৰে ভাৰতে।

গুৰুত্বপূৰ্ণ এই যে এয়া ২০২০বর্ষৰ দ্বিতীয়তো শৃংখলা দখল ভাৰতৰ।

Your Comments