কঠোৰাত শ্ৰীশ্ৰীবিষ্ণু হোম উপলক্ষে ধৰ্মালোচনী সভা সম্পন্ন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'আমি মানৱতাৰ পূজা কৰিব লাগে।পূজাতকৈও ভক্তি ভাব অন্তৰত বেছিকৈ থাকিব লাগে।মানুহ আচলতে ত্যাগী হ'ব লাগে।কিয়নো ত্যাগ কৰা মানুহে জীৱনত মহত্ব লাভ কৰে।'এই মন্তব্য বিশিষ্ট নাট্যকাৰ,সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ । নলবাৰী জিলাৰ পূব প্ৰান্তৰ কঠোৰা (উদয়পুৰ)গোঁঁসাইঘৰ প্ৰাংগণত   বৃৃৃৃৃহস্পতিবৰে পঞ্চম বাৰ্ষিক শ্ৰীশ্ৰীবিষ্ণু হোম উপলক্ষে অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত বিশিষ্ট আলোচক হিচাপে উপস্থিত থাকি নাট্যকাৰ শৰ্মাই ধৰ্মই মানুহৰ অন্তৰত জ্ঞানৰ শলিতা, প্ৰেমৰ শলিতা জ্বলাই থাকে বুলিও কয় । নাট্যকাৰ তথা জ্যেষ্ঠ সাংবাদিক শৰ্মাই ভাষণত পিতৃ-মাতৃ আমাৰ ভগৱান বুলি উল্লেখ কৰি মহাভাৰত আৰু ৰামায়ণ কাহিনী বৰ্ণনা কৰে আৰু ইয়াৰ প্ৰাসংগিকতা সুন্দৰভাৱে বুজাই দিয়ে । দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হোৱা, উদযাপন সমিতিৰ সম্পাদক নৱকান্ত পাটোৱাৰীয়ে উদ্দেশ্য বাখ্যা কৰা আৰু উপ- সভাপতি অভিৰাম কলিতাই আঁ‌ত ধৰা ধৰ্মালোচনী সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ঘনশ্যাম কলিতাই।সভাখন উদ্বোধন কৰি গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথ্বিভূষণ ডেকাই বৈজ্ঞানিক দৃষ্টিভংগীৰে ধৰ্মক বিশ্লেষণ কৰি চাব লাগে বুলি ভাষণত কয় । প্ৰকৃতিৰ সত্যক লৈ হিন্দু ধৰ্ম চলি আছে বুলি উল্লেখ কৰি উদ্বোধক ডেকাই ধৰ্ম মানে বিজ্ঞান আৰু বিজ্ঞান মানে ধৰ্ম বুলি কয় । সভাৰ আনগৰাকী আলোচক অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ক্ষীতিশ কাকতিয়ে ধৰ্মৰ দ্বাৰাই মানুহে শান্তি লাভ কৰে বুলি বিশ্বাস কৰে বুলি মন্তব্য কৰে । তেও কয় যে প্ৰেম নাথাকিলে মানুহৰ অন্তৰত হিংসাৰ জন্ম হয় । প্ৰেমেৰে বিশ্ব জয় কৰিব পাৰে বুলিও আলোচক কাকতিয়ে কয় । বিশিষ্ট শিক্ষাবিদ ড° উমাকান্ত পাটোৱাৰী,অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ৰমেশ চন্দ্ৰ পাটোৱাৰী,বৰভাগ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা , সাংবাদিক শ্বাহ আলম আহমেদ ,শিক্ষক দিলীপ শৰ্মা,সমাজকৰ্মী যতীন্দ্ৰনাথ শৰ্মা দলৈ আদিকে ধৰি কেইবাগৰাকী লোক উপস্থিত থকা সভাখন টোপধ্বনিৰে আৰম্ভ কৰা হয় । পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ঘনশ্যাম কলিতাই।বৃক্ষৰোপণ কৰে কঠোৰা গাঁঁৱৰে সমাজকৰ্মী যতীন্দ্ৰনাথ পাটোৱাৰী , মোহন কলিতাই।আয়তীৰ পানীতোলা অনুষ্ঠান উদ্বোধন কৰে সমাজকৰ্মী মহিধৰ পাটোৱাৰীয়ে। হোম যজ্ঞ পৰিচালনা কৰে পংকজ কলিতা,ভৱেশ কলিতা আৰু ধৰণীধৰ পাটোৱাৰীয়ে । দুপৰীয়া পুষ্পাঞ্জলি প্ৰদান আৰু ভোগ গ্ৰহণ হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ড° উমাকান্ত পাটোৱাৰী , ৰমেশ চন্দ্ৰ পাটোৱাৰী ,শিক্ষক গৌতম কলিতা , বন বিষয়া ভাস্কৰ ডেকা , সমাজকৰ্মী ৰাজেন পাটোৱাৰী , মানবেন্দ্ৰ পাটোৱাৰী আৰু ৰুবুল দাসে । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন কলিতা আৰু উপ-সভাপতি দেৱাকান্ত পাটোৱাৰী , ভৱেশ কলিতাই পৰিচালনা কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীত গাঁ‌ওখনৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে ।নিশা নাগাৰা নাম পৰিবৱেশন উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীধৰ ডেকাই । অনুষ্ঠানটো পৰিচালনা কৰে দিগন্ত কলিতা , খগেন কলিতা আৰু নয়নজ্যোতি কলিতাই ।

Your Comments