নেপালত অসম সাহিত্য সভা আৰু অসম নেপালী সাহিত্য সভাৰ আন্তঃৰাষ্ট্ৰীয় আলােচনা-সত্ৰৰ আয়োজন

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

নেপালৰ ত্রিভূৱন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ উদ্যোগত, অসম সাহিত্য সভা আৰু নেপালী সাহিত্য সভাৰ সহযােগত অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰী , ২০২০ খ্রীষ্টাব্দ তাৰিখে কাঠমাণ্ডুত ভাষা, সাহিত্য , সংস্কৃতি আৰু চর্যাপদ বিষয়ক এখন আন্তৰাষ্ট্ৰীয় আলােচনা -সত্ৰৰ আয়ােজন কৰা হৈছে । অসম আৰু নেপালৰ ভাষা , সাহিত্য , সংস্কৃতিৰ ওপৰত ইচ্ছুক ব্যক্তিৰ পৰা গৱেষণা পত্রসহ যােগদানৰ বাবে উদ্যোক্তাসকলে আহ্বান জনাইছে । আন্তঃৰাষ্ট্ৰীয় আলােচনা সত্ৰত চর্যাপদৰ ওপৰত বিশেষ ব্যুৎপত্তি লাভ কৰা দুয়ােখন দেশৰ কেইবাজনাে গৱেষকক গৱেষণা-পত্র পাঠ কৰিবলৈ আৰু চৰ্যা পৰিৱেশনৰ বাবে আমন্ত্রণ জনােৱা হৈছে ।আগ্ৰহী গৱেষক , শিক্ষক,ছাত্র - ছাত্রীৰ তৰফৰ পৰা গৱেষণা -পত্র পাঠ অথবা চর্যা পৰিৱেশনৰ বাবে নিম্নোক্ত ঠিকনাত যােগাযােগ কৰিবলৈ অনুৰােধ জনাইছে আয়ােজক সমিতিয়ে । গৱেষণা পত্ৰৰ ভাষা অসমীয়া , নেপালী , হিন্দী অথবা ইংৰাজী হ'ব লাগিব । আলােচনা-সত্ৰৰ উপ বিষয়সমূহ একাদিক্রমে - নেপালৰ ভাষা , অসমৰ ভাষা , অসম আৰু নেপালৰ ভাষাৰ এটি তুলনামূলক অধ্যয়ন , নেপালী ভাষাৰ সাহিত্য , অসমীয়া ভাষাৰ সাহিত্য , অসম আৰু নেপালৰ সাহিত্যৰ তুলনামূলক অধ্যয়ন , অসমৰ সংস্কৃতিৰ যিকোনাে দিশ , নেপালৰ সংস্কৃতিৰ যিকোনাে দিশ , অসম আৰু নেপালৰ সংস্কৃতিৰ তুলনাত্মক অধ্যয়ন , চর্যাৰ লগত সংগতি ৰাখি যিকোনাে বিষয় , বৌদ্ধ আৰু বৌদ্ধিক অধ্যয়ন অথবা অন্যান্য সমার্থক বিষয় । সংক্ষিপ্ত সাৰ আৰু সম্পূর্ণ গৱেষণা পত্র যথাক্রমে অহা ২১ জানুৱাৰী আৰু ১০ ফেব্ৰুৱাৰীৰ আগতে :: vedrajgnawaly @ gmail.com , sanjeebksarma @ gmail . com , khagen.sharma @ gmail. com পঠিয়াবলৈ আলােচনা সত্ৰৰ সমন্বয়ক ড° সঞ্জীৱকুমাৰ শৰ্মা আৰু ড° খগেন শর্মাই এক বিবৃতিযােগে আহ্বান জনাইছে । 

 

 

Your Comments