কটকী পাপং গাঁওবাসীয়ে মেজিৰ জুইত দাহ কৰিলে 'কা'ৰ প্ৰতিলিপি

Pic

মাহমৰা বিধানসভা সভাৰ সমষ্টিৰ অন্তৰ্গত কটকী পাপং গাঁওবাসীয়ে মেজিৰ জুইত দাহ কৰিলে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী)আইনৰ প্ৰতিলিপি।জাতিৰ সংকটকালত গাঁওবাসীয়ে পৰম্পৰাগত কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি আয়োজন কৰিছে ভোগালী বিহুৰ।উৰুকাত সমূহ গাঁঁওবাসী লগ হৈ উলহ-মালহেৰে এসাঁঁজ খোৱাৰ পিছত আজি পুৱাই মেজিৰ জুইত গাঁওবাসীয়ে দাহ কৰে 'কা'ৰ প্ৰতিলিপি।

Pic

গাঁওবাসীয়ে মেজিৰে জুইত শপত লৈ কয়-"কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বাংলাদেশী ৰক্ষক 'কা'।মেজিৰ জুইত সেইবাবে জাতিৰ শত্ৰু 'কা' দাহ কৰা হৈছে।"

Your Comments