ৰংঘৰৰ বাকৰিত পহিলা মাঘত 'ৰংপুৰ মেলা'

Pic

শিৱসাগৰৰ প্ৰতিবেদক:

ৰংপুৰৰ বুকু শুৱনি কৰি থকা ঐতিহাসিক ৰূপহী পথাৰৰ ৰংঘৰ বাকৰিত পহিলা ব'হাগৰ দিনা ৰংপুৰ মেলা আয়োজক সমিতি আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ শিৱসাগৰ জিলা সমিতিয়ে দশম বাৰ্ষিক 'ৰংপুৰ মেলা'ৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন, পুৱা ৮-৩০ বজাত মৈদাম তৰ্পণ, পুৱা ৯ বজাত ৰংপুৰ মেলা উদ্বোধন, পুৱা ১০ বজাত বিভিন্ন প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান, দিনৰ ১ বজাত স্মৃতিগ্ৰন্থ 'চে-মুন' উন্মোচন, সন্ধ্যা ৪-৩০ বজাত ৰংঘৰত বন্তি প্ৰজ্বলন আৰু সন্ধ্যা ৫ বজাত অনুষ্ঠিত হ’ব বঁটা বিতৰণী সভা। অনুষ্ঠানত শিৱসাগৰীয়া ৰাইজৰ সহযোগিতা কামনা কৰিছে সভাপতি দিগন্ত তামুলী আৰু সুৰজ গগৈয়ে।

Your Comments