ভাৰত-শ্ৰীলংকাৰ 'টী-২০':গুৱাহাটীত পুৱাই উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ একাংশ খেলুৱৈ,বিয়লি আহি পাব বিৰাট কোহলী

Pic

Picভাৰত-শ্ৰীলংকা মাজত আয়োজিত হ'ব লগা 'টী-২০' আন্তৰ্জাতিক ক্ৰিকেট খেলৰ বাবে শুকুৰবাৰে পুৱাই গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সহিতে ৪জন সদস্য ।গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত পুৱা ৪.১৫ বজাত উপস্থিত হয় তেওঁলোক।বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজন খেলুৱৈক লৈ যোৱা হয় হোটেল 'ৰেডিছন ব্লু'লৈ।

 

খেলুৱৈকেইজনৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা।গুৱাহাটীত উপস্থিত হৈছে ৱাছিংটন সুন্দৰ, জে বুমৰাহ,সঞ্জু ছেমচনকে ধৰি ৪ গৰাকীভাৰতীয় ক্ৰিকেট দলৰ সদস্য। ইফালে,শুকুৰবাৰে বিয়লি ভাগত গুৱাহাটীত উপস্থিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি বাকী সদস্যসকল। উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছে শ্ৰীলংকা ক্ৰিকেট দলটো। অহা পাঁচ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত হ'ব প্ৰথম খন টী-২০।

Your Comments