'কেব' বিৰোধিতাত গুৱাহাটীত ব্যাপক ছাত্ৰ বিক্ষোভ

'কেব'ৰ বিৰোধিতাত উত্তাল গুৱাহাটী।গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কেব বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিদ্যাৰ্থী সমাজে।গুৱাহাটীৰ সকলো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৰাজপথলৈ ওলাই আহি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ৰ বিদ্যাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে।লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক বিদ্যাৰ্থীয়ে।জি এছ ৰোডত প্ৰতিবাদ সাব্যস্ত কৰা বিদ্যাৰ্থীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰিছে।আঘাতপ্ৰাপ্ত হৈছে শিক্ষাৰ্থী।

Your Comments