ক্ষোভিত আছু:শ্বহীদ ভৱনৰ পথত চোচৰাই আনি ফাঁচী দিলে এদিন গামোচা পিন্ধাই কান্ধত লোৱা সোণোৱালৰ প্ৰতিমূৰ্তিক

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য।তাৰ মাজতে জনতাৰ আন্দোলনক নস্যাৎ কৰি ৰাজ্যৰ সোণোৱাল চৰকাৰৰ সহযোগিতাত কেন্দ্ৰৰ বিজেপি চৰকাৰে সোমবাৰে লোকসভাত গৃহীত কৰিলে বহু বিতৰ্কিত বিধেয়কখন।লোকসভাত বিধেয়কখন গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰাৰ লগে লগে ৰাজ্যজুৰি আছুৱে দাহ কৰে বিধেয়কখনৰ প্ৰতিলিপি। সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটীৰ শ্বহীদ ভৱনত বিধেয়কখন উত্থাপনৰ পিছতে বিধেয়ক দাহ কৰাৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,অগপ মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ প্ৰতিমূৰ্তি ৰাস্তাত চোঁচোৰাই শ্বহীদ ভৱনৰ সন্মুখত ৰাজহুৱাকৈ দিয়া হয় ফাঁচী।উল্লেখ্য যে এদিন জাতীয় নায়কৰ সন্মানেৰে সন্মানিত কৰি পুষ্পসজ্জিত বাহনত যিসকলে শ্বহীদ ভৱনলৈ আদৰি আনিছিল,সেই সকলৰ বাবে আজি সোণোৱাল হৈ পৰিছে জাতিৰ শত্ৰু। উল্লেখযোগ্য যে বিজেপি চৰকাৰ নিপাত যাওঁক,সৰ্বানন্দ সোণোৱাল মৰি গ'ল, হিমন্ত বিশ্ব মৰি গ'ল,অতুল বৰা মৰি গ'ল, কেব আমি নামানো,অমিত শ্বাহ মুর্দাবাদ আদি ধ্বনিৰে আছু কৰ্মীসকলে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।'কেবৰ বিৰুদ্ধে সংগ্রাম চলিছে আৰু চলিব।বৰ্তমানতকৈ অধিক ভয়ানক হ'ব এই আন্দোলন'-আছুৰ স্পষ্ট কথা।

Your Comments