'কেব'ৰ বিৰুদ্ধে নামৰূপত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,ই-ৰিক্সা সন্থাৰ উত্তাল প্ৰতিবাদ

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱা:

'জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বাতিলৰ দাবীত
নামৰূপত শনিবাৰে সন্ধিয়া  'ই-ৰিক্সা সন্থা'ই এটা প্ৰতিবাদী সমদল উলিয়াই। কেব আমি নামানো,বিজেপি চৰকাৰ গ' বেক,মুখ্যমন্ত্ৰীৰ কাম নাই,বিদেশী গ' বেক আদি ধ্বনিৰে নামৰূপৰ পথ উত্তালকৰি তোলে।

Pic

লগতে,বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নামৰূপ আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক  বাতিলৰ দাবীত এটা প্ৰতিবাদী বাইক ৰেলী উলিয়াই।উক্ত ৰেলীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহ-সচিব কৃষ্ণ গগৈ,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দুৰ্লভ খাউণ্ড,নামৰূপ আঞ্চলিকৰ সভাপতি-সম্পাদককে ধৰি বহু। বিষয়ববীয়াই অংশগ্ৰহণ কৰি কেব কেতিয়াবা মানি লোৱা নহ'ব,বিজেপি চৰকাৰৰ কাম নাই,বিজেপি হুচিয়াৰ আদি ধ্বনিৰে নামৰূপৰ পথ উওাল পৰিৱেশৰ সৃষ্টি কৰে।

Your Comments