কুলধৰ শইকীয়াৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ গুৰু দায়িত্ব চমজি ল'লে ভাস্কৰজ্যোতি মহন্তই

Pic

অগ্নি আৰু আপদকালীন সেৱা আৰু সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধান তথা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া ভাস্কৰজ্যোতি মহন্তই শনিবাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে অসম আৰক্ষী ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰ দায়িত্ব।মহন্তক আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ গুৰু দায়িত্ব ভাৰ অৰ্পন কৰে বিদায়ী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

তাৰ পূৰ্বে শনিবাৰে পুৱাৰ ভাগত সুদীৰ্ঘ ৩৪ বছৰ অসম আৰক্ষীত নিষ্ঠা,সততা আৰু দক্ষতাৰে সেৱা আগবঢ়াই অসম আৰক্ষীক সন্মুখৰ পৰা নেতৃত্ব দি অধিক শক্তিশালী কৰা বিদায়ী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অসম আৰক্ষীয়ে সামৰিক সন্মানেৰে বিদায় জনায়।গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ ফালৰ পৰা সঞ্চালক প্ৰধান শইকীয়াক বিদায় জনায়।উক্ত বিদায় অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ শীর্ষ বিষয়াসকলৰ লগতে নৱ-নিযুক্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়ো।

আনহাতে,বিদায় বেলাত অসম আৰক্ষীৰ ৪৪ গৰাকী বিষয়া আৰু জোৱানক প্ৰশংসাৰ পদক প্ৰদান কৰে বিদায়ী সঞ্চালক শইকীয়াই।

ইফালে,বিদায় বেলাত বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে বিগত তিনি দশক যি ঘাট-প্ৰতিঘাটৰ মাজেৰে অসম আৰক্ষীত কৰ্তব্য পালন কৰিলে তাকে সোঁৱৰণ কৰে।

উল্লেখ্য যে যোৱা ৩০ আগষ্টত শইকীয়াৰ কৰ্মজীৱন আনুষ্ঠানিকভাৱে অন্ত পৰিছিল যদিও অসম চৰকাৰৰ গৃহ বিভাগে পুনৰ তিনিমাহৰ বাবে বৃদ্ধি কৰিছিল তেওঁৰ চাকৰিৰ ম্যাদ। অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়া শইকীয়া  ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপেও প্ৰতিষ্ঠিত।শইকীয়া ইতিমধ্যেই  সাহিত্য অকাডেমি বঁটা।  লাভ কৰিছে।

Your Comments