আপোনাৰ মন্দিৰৰ মূৰ্তি চুৰি হৈছিল নেকি!লতাশিল আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰিছে বহু অষ্টধাতুৰে নিৰ্মিত মূৰ্তি

Pic

গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হৈছে অষ্টধাতুৰে নিৰ্মিত ৩০টাকৈ অধিক মূৰ্তি।লতাশিল আৰক্ষীয়ে উমানন্দ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কৰিছে মূৰ্তিসমূহ।মূৰ্তিসমূহৰ লগতে উদ্ধাৰ কৰিছে ত্ৰিশূল,বিভিন্ন মন্দিৰৰ সামগ্ৰী আৰু কিছুসংখ্যক মন্দিৰৰ ফলক।উল্লেখ্য যে লতাশিল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মূৰ্তিসমূহ কিছুলোকে প্ৰত্যক্ষ কৰিছিল যদিও আৰক্ষীক খবৰ দিয়া নাছিল।তাৰ পিছত শনিবাৰে দিনৰ ১২.৩০ বজাত লতাশিল আৰক্ষীয়ে নিজে খবৰ পাই উদ্ধাৰস্থলীত উপস্থিত হৈ সামগ্ৰীসমূহ উদ্ধাৰ কৰে। ইফালে,সামগ্ৰীসমূহ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীৰ সূত্ৰই সন্দেহ কৰিছে যে মূৰ্তিসমূহ চুৰি সামগ্ৰী হ'ব পাৰে।ইফালে মূৰ্তিসমূহ উদ্ধাৰ কৰাৰ পিছতে মহানগৰীৰ চন্দন নগৰৰ নিৰন্দ কুমাৰ শীল নামৰ এজন ব্যক্তিয়ে লতাশিল থানাত উপস্থিত হৈ মূৰ্তিসমূহৰ মাজত নিজৰ হেৰোৱা এটা মূৰ্তি থকা বুলি দাবী কৰে।উল্লেখ্য যে তেওঁ প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ১৮ নৱেম্বৰত তেওঁৰ গণেশ,লক্ষ্মী,নাৰায়ণৰ তিনিটা মূৰ্তি চুৰি হৈছিল।তাৰ পিছত দিছপুৰ থানাত গোচৰ দিয়া হৈছিল যদিও উদ্ধাৰ হোৱা নাছিল।কিন্তু শনিবাৰে উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ মাজত তেওঁ গণেশ মূৰ্তিতো থকা বুলি উল্লেখ কৰে।

Your Comments