মহাৰাষ্ট্ৰত শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ প্ৰশস্ত:৫ বছৰৰ বাবে হ'ব শিৱসেনাৰ মুখ্যমন্ত্ৰী

Pic

মহাৰাষ্ট্ৰত শিৱসেনা,কংগ্ৰেছ,এনচিপি আৰু অন্যান্য ক্ষুদ্ৰ দলৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈছে।চৰকাৰ গঠনৰ ক্ষেত্ৰত ফৰ্মুলা নিশ্চিত কৰা হৈছে।সেই অনুযায়ী ৫ বছৰৰ বাবে থাকিব শিৱসেনাৰ মুখ্যমন্ত্ৰী।কংগ্ৰেছ আৰু এনচিপিৰ থাকিব এজনকৈ উপ-মুখ্যমন্ত্ৰী।আনহাতে, মিত্ৰজোঁটৰ নাম হ'ব 'মহা বিকাশ মিত্ৰজোঁট'।ইফালে,বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত গঠন হ'ব লগীয়া চৰকাৰখনৰ 'কমন মিনিমাম প্ৰগ্ৰেম' সন্মতি প্ৰকাশ কৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে।

Your Comments