গোলাঘাটত আন্ত:ক্লাব ভলীবল প্ৰতিযোগিতাৰ আয়োজন

Pic

গোলাঘাটৰ প্ৰতিবেদক:

অহা ইংৰাজী ২৩ আৰু ২৪ নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আন্ত:ক্লাৱ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।সন্থাৰ ভলীবল ক'ৰ্টত আয়োজিত হ'বলগীয়া খেলসমূহ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব। লগতে উক্ত প্ৰতিযোগিতাৰ পৰাই মিনি, চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শিতানৰ জিলা দলসমূহ গঠনৰ বাবে বাচনি কৰা হ'ব। ইচ্ছুক দলসমূহে অহা ২২ নৱেম্বৰৰ ভিতৰত যোগদানৰ নিশ্চিতকৰণ কৰিবলৈ অসম ভলীবল সন্থাৰ যুটীয়া সম্পাদক তথা গোলাঘাট ভলীবল সন্থাৰ সম্পাদক প্ৰকাশ বৰাই ফ'ন নং ৯১০১৭৬৪৬৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Your Comments