'কংগ্ৰেছৰ পঁচা আলু ৰকিবুলক দলৰ পৰা উলিয়াই দিব লাগে'-অনিল ৰাজা

Pic

'কংগ্ৰেছ দলৰ পঁচা আলু ৰকিবুল হুছেইনক দলৰ পৰা বাহিৰ কৰিব লাগে।কংগ্ৰেছত থাকি বিজেপি এজেণ্ডাৰ  হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰি থকা পঁচা আলু হুছেইনক দলৰ পৰা  বাহিৰ কৰি আগন্তক '২১ৰ নিৰ্বাচনৰ বাবে প্ৰতিজন কংগ্ৰেছী ২২ হাজাৰ বুথ কমিটীৰ সৈতে ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগে'- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাৰ।গুৱাহাটীৰ ভঙাগড়স্থিত নিজা বাসগৃহত শুকুৰবাৰে ৰাজাই কংগ্ৰেছৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল  হুছেইনৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি কয়-'যি সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমবাসী ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমুহ কাৰ্যত ৰূপায়ণ কৰিব নোৱাৰাৰ সুযোগ গ্ৰহণ কৰি দলটোৱে বিজেপিৰ বিকল্প হিচাপে ৰাইজৰ ওচৰলৈ আগবাঢ়ি যাব লাগিছিল,সেই সময়তে এজন মুছলিম লীগৰ কেপ্তেইনৰ পুতেকে  দলটোক নিজ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ গৈ  অন্ত:কন্দল আৰম্ভ কৰিছে। ১৫ বছৰে মন্ত্ৰী হিচাপে ৰাইজৰ ধন লুটি-পুতি খাই বিদেশত অগাধ সম্পত্তিৰ মালিক হোৱা ৰকিবুল হুছেইন কোনো দিনে কংগ্ৰেছী নাছিল আৰু হ'বও নোৱাৰে।কাৰণ নগাঁও জিলাত যিসময়ত স্বাধীনতা সংগ্রামী উমা ফুকন কংগ্ৰেছ দলৰ সহ-অধিনায়ক আছিল,সেই সময়ত ৰকিবুলৰ পিতৃ নুৰুল হুছেইন নগাওঁ জিলা জিন্না মুছলিম লীগৰ কেপ্তেইন আছিল।সেই কেপ্তেইনগৰাকীয়ে ১৯৯০ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান কৰিছিল।তাৰ পৰৱৰ্তী পৰ্যায়ত পুত্ৰ ৰকিবুল হুছেইনক যুৱ কংগ্ৰেছত যোগদান কৰাইছিল।তাৰ পিছৰ পৰ্যায়ত নিৰ্বাচনত জয়ী হৈ ১৫ বছৰে ৰাজ্যৰ মন্ত্ৰী হৈ ৰাইজৰ ধনৰ শৰাধ কৰি কংগ্ৰেছত বিভিন্ন সময়ত অন্ত:কন্দল সৃষ্টি কৰি আহিছে।'গতিকে দেশক ভাল পাব নোৱাৰা জিন্নাৰ মুছলিম লীগক সমৰ্থন কৰা পৰিয়ালৰ এজন নেতাই কেনেদৰে এতিয়া কংগ্ৰেছক ভাল পাব  বুলি ৰাজাই কয়।

'লগতে থাকি পিছফালৰ পৰা চুৰি মৰা মানুহ ৰকিবুলে এতিয়া কংগ্ৰেছত থাকি বিজেপিৰ লিংকমেন হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰি আছে।কেতিয়া কাৰ লগত থাকে একো ধৰিব নোৱাৰি। বহু সময়ত প্ৰদ্যুৎ বৰদলৈক অন্যায় কৰিবলৈ হিমন্তৰ লগ লাগিছে।একেদৰে বহুসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰিপুণ বৰাকো অন্যায় কৰিছে'-ৰজাই কয়।

ইফালে,দলটোৰ বৰ্তমান সভাপতি ৰিপুণ বৰাৰ অভিজ্ঞতাৰ অভাৱ বুলি উল্লেখ কৰি ৰাজাই কয়-'বৰা এতিয়া মেৰুদণ্ডহীন মানুহ।তেওঁক পূৰ্বৰ ইতিহাসৰ বাবে এতিয়া ৰাইজে গ্ৰহণ নকৰে।তেওঁ ভাল ভাষণ দিয়ে,কিন্তু ৰকিবুলৰ ধমকত বহু সময়ত তেওঁ ৰৈ যায়।সেই বাবে তেওঁৰ ঠাইত এতিয়া দলটোক পৰিচালনা কৰিবৰ বাবে পূৰ্বতে  মন্ত্ৰী  নোহোৱা এজনক দায়িত্ব দিব লাগে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সভাপতিৰ বাবে উপযুক্ত আছিল,কিন্তু বয়সৰ ফালৰ পৰা তেওঁক সভাপতি হোৱাটো নিবিচাৰে।'
 
ইফালে আগন্তক দিনত ৰকিবুল সভাপতি হ'ব পাৰে নেকি বুলি প্ৰশ্ন কৰাত ৰাজাই কয়-'সভাপতি নালাগে,ভাৰপ্ৰাপ্ত দলপতি হোৱাৰো যোগ্যতা নাই। আনহে নালাগে বৰ্তমান সময়ত উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাটো দলৰ সংবিধান প্ৰদত্ত নহয়।হাইকামাণ্ডক ভৰিত ধৰি উপ-দলপতি হিচাপে আছে।কিন্তু দলৰ সংবিধানতে নাই উপ-দলপতি পদ।'

আনহাতে,নিজকে সংখ্যালঘু নেতা বুলি পৰিচয় দি ভাল পোৱা ৰকিবুলৰ লগ যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে এৰাই চলাৰ বাবে জয়ী হৈছিল।অন্যথা তেওঁৰ জয়ী হোৱাত কষ্ট হ'ল হয়।কিয়নো সংখ্যালঘু মানুহে এতিয়া দেখিব নোৱাৰা হৈছে বুলি ৰাজাই কয়।

Your Comments