জেজেপিৰ সমৰ্থন লৈ দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী পদত শপত ল'ব মনোহৰ লাল খট্টৰে

Khattar

দুষ্যন্ত চৌতালাৰ জননায়ক জনতা পাৰ্টীয়ে বিজেপিক সমৰ্থন দিয়াৰ পিছত হাৰিয়ানাত বিজেপি-জেজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হ'ল।ইফালে,শনিবাৰে মনোহৰ লাল খট্টৰক বিজেপি বিধায়ক দলৰ নেতা নিৰ্বাচিত কৰা হোৱাৰ পিছত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ প্ৰস্তাৱ দাঙি ধৰিলে।শেহতীয়া খবৰ মতে দেওবাৰে মনোহৰ লাল খট্টৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব।উল্লেখ্য যে সদ্যসমাপ্ত নিৰ্বাচনত বিজেপিয়ে ৪০ খন আৰু জেজেপিয়ে ১০ খন আসন লাভ কৰিছে।নতুন চৰকাৰখনত জেজেপিৰ ব্যক্তিয়ে উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিব বুলিও বিজেপি অধ্যক্ষ অমিত শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে।

Your Comments