অসমীয়া ছবিৰ সুদিন:মুক্তিৰ দিনা ৪২ লাখ টকা উপাৰ্জনৰে 'কাঞ্চনজংঘা'ৰ অভিলেখ ভংগ কৰিলে 'ৰত্নাকৰ'-এ

Pic

অসমীয়া ছবিলৈ ভাল দিন অহাটো পুনৰবাৰ সত্য বুলি প্ৰমাণ কৰিলে শুকুৰবাৰে মুক্তিলাভ কৰা যতীন বৰাৰ বহু প্ৰতীক্ষিত ছবি 'ৰত্নাকৰ'-এ।অসমীয়া ছবিৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰত্নাকৰে মুক্তিৰ প্ৰথম দিনটোতে বক্স অফিচত সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল ৪২লাখ টকা।উল্লেখ্য যে চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই মুক্তিৰ প্ৰথম দিনটোত লাভ কৰিছিল ৪০লাখ টকা। কিন্তু ৰত্নাকৰে কাঞ্চনজংঘাৰো বক্স অফিচৰ ৰেকৰ্ড ভংগ কৰিলে।

Yy

গুৰুত্বপূৰ্ণ কথা এই যে মুক্তিৰ প্ৰথম দিনটোত ৰত্নাকৰৰ প্ৰতি দর্শকৰ আদৰ দেখি উৎফুল্লিত হৈ পৰিছে ছবিখনৰ কলা-কুশলীসকল।ৰত্নাকৰ টিমৰ হৈ সমূহ অসমবাসীক ধন্যবাদ জনাইছে ছবিখনৰ পৰিচালক- অভিনেতা যতীন বৰাই।আনহাতে ছবিগৃহসমূহত ৰত্নাকৰ উপভোগ কৰাৰ বাবে দর্শকৰ হেঁপাহ দেখি ছবিগৃহসমূহে বৃদ্ধি কৰিছে দৰ্শনী। বিশেষকৈ মহানগৰীৰ অনুৰাধাকে ধৰি বহুকেইটা ছবিগৃহত প্ৰথমদিনা তিনিটা শ্ব'ৰ বিপৰীতে শনিবাৰে দর্শকৰ সুবিধাৰ বাবে চাৰিটালৈ বৃদ্ধি কৰা হৈছে শ্ব'।ৰাজ্যৰ বহুসংখ্যক ছবিগৃহত ইতিমধ্যে দেওবাৰৰ দিনটোৰ বাবে আগতীয়াকৈ বুকিং সম্পূৰ্ণ হোৱা বুলিও জানিব পৰা গৈছে।আনহাতে,অসমৰ লগতে মুম্বাই, পুনে, হাইদৰাবাদ আদি চহৰতো মুক্তি পাইছে ৰত্নাকৰে।

Your Comments