২৯ বছৰে ঢুলীয়া সংস্কৃতিৰ নিৰলস সাধনাত ব্যস্ত নলবাৰীৰ ভয়নুৰ আলী

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

দেশ তথা ৰাজ্যত একাংশই সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজত বিভেদৰ সৃষ্টি কৰি অহাৰ সময়তে নলবাৰীৰ এগৰাকী ইছলামধৰ্মী লোকে ঢুলীয়া সংস্কৃতিক জীয়াই ৰখাৰ  অপ্ৰাণ চেষ্টাত ব্ৰতী হৈ আছে । সুদীৰ্ঘ ২৯ বছৰে ঢুলীয়া সংস্কৃতিৰ সৈতে জড়িত হৈ থকা এই শিল্পী গৰাকীৰ নাম  ভয়নুৰ আলী। জীৱনৰ পঞ্চাশটা বসন্ত অতিক্ৰম কৰা নলবাৰী জিলাৰ  গোৱালপাৰাৰ শিল্পী ভয়নুৰ আলীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,পূজা-পাৰ্বন,বিবাহ আদিত কেৱল বৰঢোল বজোৱাই নহয় বিভিন্ন বেঙ্গাত্মক খেল-ধেমালি, নাটক আদি পৰিৱেশনেৰে মানুহক আমোদ দি আহিছে৷ এগৰাকী ইছলামধৰ্মী লোক হৈও ভয়নুৰ আলীয়ে বিভিন্ন সনাতন ধৰ্মীয় অনুষ্ঠানত অতি একাগ্ৰতাৰে ঢোল, বৰ ঢোল আৰু তাল বাদনেৰে নিজৰ দক্ষতা উজাৰি দি মানুহৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈ আহিছে। জানিব পৰা মতে ১৯৯০ চনৰ পৰা ঢুলীয়া সংস্কৃতিৰ স'তে জড়িত হৈ আছে ভয়নুৰ আলী৷ ভয়নুৰৰ স্পষ্ট কথা 'সংস্কৃতিৰ কোনো ধৰ্ম নাই । ই এক অবিৰত ধাৰা।

হিন্দু-মুছলমান সকলোৰে মাজত সমানে জনপ্ৰিয় ভয়নুৰ নতুন প্ৰজন্মৰ বাবেও এক আদৰ্শ হৈ ৰওক, তাকেই কামনা কৰিছে নলবাৰীৰ সচেতন ৰাইজে।

Your Comments