পৰ্যটন ক্ষেত্ৰলৈ পৰিণত ভূটান সীমান্তৰ দাৰাগাঁও 

parjytan

জালাহৰ পৰা গুঞ্জন দাস :


ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ বতৰা। প্ৰকৃতিৰ ৰম্যভূমি বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দিহিৰা সংৰক্ষিত বনাঞ্চলৰ সীমাস্থিত ‘দাৰাগাঁও’ত প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ উত্তৰ দিশত অৱস্থিত ঠাইখনলৈ কি গ্ৰীষ্ম, কি শীত সকলো সময়তে ভিৰ কৰেহি প্ৰকৃতিপ্ৰেমী লোকসকলে। যান্ত্ৰিকতাৰ পৰা কিছুপৰৰ বাবে অৱসাদ বিচাৰি অজস্ৰ মানুহে দিনক দিনে উক্ত অঞ্চললৈ ঢাপলিমেলা পৰিলক্ষিত হৈছে।jalah

স্থানীয় ৰাইজৰ মতে, পৰ্যটনে অঞ্চলটোলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে যদিও একে সময়তে ভিৰ বঢ়াৰ লগে লগে কাচৰ বটল, প্লাষ্টিক-চিপ্সৰ পেকেট আদি  সামগ্ৰীৰে ঠাইখন কিছু পৰিমাণে লেতেৰা হৈয়ো পৰিছে। সেয়ে এইক্ষেত্ৰত পিকনিকৰ দল বোৰলৈ স্থানীয় ৰাইজে ঠাইখনৰ চাফ-চিকুণৰ দিশটোলৈ লক্ষ্য ৰাখিবলৈয়ো আহ্বান জনাইছে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি ঠাইখনৰ পৰ্যটনৰ আন্তঃগাঁঠনি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰে তেন্তে নিঃসন্দেহে দাৰাগাঁওক এখন মানসম্পন্ন পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিব পাৰে।

Your Comments

Related Articles