ৰঙানদী আৰু বগীনদীৰে অম্বুবাচীলৈ অহা ভক্তক উমানন্দলৈ আদৰিব জল পৰিবহনে

ranga baga

নিউজ ডেস্ক :

নীলাচলৰ বুকুত কামাখ্যা ধামত অহা ২২  পৰা ২৫ জুনলৈকে অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ন কামাখ্যা ধামত। সমান্তৰালকৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে গুৱাহাটী-উমানন্দৰ একমাত্ৰ চৰকাৰী ফেৰী ঘাটতো। কাৰণ প্ৰত্যেক বছৰে অম্বুবাচীৰ সময়ত কামাখ্যা দর্শনলৈ অহা বহুসংখ্যক ভক্ত ব্ৰহ্মপুত্ৰৰ বুকুত থকা উমানন্দৰ মন্দিৰ দর্শন কৰিবলৈও যায়।কাৰণ অম্বুবাচীৰ সময়ত গুৱাহাটীৰ মহানগৰী অধিকাংশ দেৱালয় তথা মন্দিৰৰ মূল দ্বাৰ বন্ধ থাকে।কিন্তু উক্ত দিনকেইটাত মূল দ্বাৰ বন্ধ নাথাকে উমানন্দ মন্দিৰৰ।তাৰ বাবে উক্ত দিনকেইটাত প্ৰতিবছৰে বৃদ্ধি পায় মন্দিৰ দর্শন কৰিবলৈ অহা ভক্তৰ সংখ্যা।

এই কথা জানিবলৈ দিছে ফেৰী ঘাটটোৰ দায়িত্বত নিয়োজিত বিভাগীয় কৰ্মচাৰী কমলেশ্বৰ কলিতাই। তেওঁ লগতে কয় বৰ্তমান সময়ত ঘাটটোৰ পৰা উমানন্দলৈ এছ বি ৰঙানদী আৰু এছ বি বগীনদী নামৰ দুখন দ্বৈত ইঞ্জিনযুক্ত ফেৰী চলাচল কৰে।দুয়োখন ফেৰী পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে প্ৰতি আধাঘণ্টাৰ মূৰে মূৰে চলাচল কৰে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে কয় দুয়োখন ফেৰীত একে সময়তে ২৫০পৰা ৩০০যাত্ৰী যাব পৰা সুবিধা আছে।সেই হিচাপত যাত্ৰী সকলৰ সুৰক্ষাৰ বাবে কিছুদিন পূৰ্বে অসম চৰকাৰৰ জলপৰিবহন বিভাগে ঘাটটোত ৩০০টা লাইফ জেকেট যোগান ধৰা বুলিও তেওঁ উল্লেখ কৰে।


ইয়াৰ উপৰিও তেওঁ কয়  যে বিগত বর্ষসমূহৰ হিচাপ অনুসৰি এইবাৰো  অম্বুবাচীৰ সময়ছোৱাত প্ৰতিদিনে তিনিহাজাৰ তীৰ্থযাত্ৰীয়ে উমানন্দৰ মন্দিৰ দর্শন কৰিবলৈ যাব বুলি তেওঁলোকে আশা কৰিছে। লগতে জানিবলৈ দিয়ে যে ২০জুন অৰ্থাৎ আজিৰ পৰাই ঘাটতো বৃদ্ধি পাব উমানন্দ মন্দিৰ দর্শনলৈ যোৱা ভক্তৰ সংখ্যা।ইফালে ভক্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অম্বুবাচীৰ দিনকেইটাত গুৱাহাটীৰ-উমানন্দ ঘাটত যাত্ৰীৰ সুবিধাৰ বাবে অতিৰিক্ত ভাৱে আৰু এখন ফেৰী  ব্যবস্থা কৰিব লাগে বুলি ইতিমধ্যে কিছুদিনৰ পূৰ্বে  বিভাগটোৰ উৰ্ধতন কৰ্তৃপক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে।কিন্তু জল পৰিবহন বিভাগে ঘাটটোত উক্ত দিনকেইটাত অতিৰিক্ত ভাৱে ফেৰী যোগান ধৰিব নাই সেই বিষয়ে  ঘাটতোৰ কৰ্তৃপক্ষ বৰ্তমানলৈ অৱগত  হোৱা নাই বুলি জনায়।

আনহাতে অম্বুবাচীৰ দিনকেইটাত যদি পুৱাৰ ভাগতে যাত্ৰীৰ সংখ্যা ঘাটটোত বৃদ্ধি পায় তেতিয়া ৯বজাৰ পৰিৱৰ্তে পুৱা ৮বজাৰ পৰাই ফেৰী সেৱা আৰম্ভ কৰিব বুলি উল্লেখ কৰে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি অম্বুবাচীৰ সময়ছোৱাত ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী ঘাটটোৱে দি উমানন্দ দর্শনলৈ যায়।তাৰ ভিতৰত ৯৯% যাত্ৰীয়ে মূলত পশ্চিমবংগৰ হয় বুলি জানিব দিয়ে।

ইফালে অম্বুবাচীৰ দিন কেইটাত যাত্ৰীসকলৰ সুবিধাৰ বাবে ঘাটটোত উঠা আৰু নমাৰ বাবেও কৰ্তৃপক্ষই সুকীয়া সুকীয়া ব্যৱস্থা কৰাৰ কথাও নিউজ এছ এন আগত জানিবলৈ দিয়ে।সেই অনুসৰি যাত্ৰী সকলে উমানন্দ যাবৰ বাবে গুৱাহাটী-উমানন্দ ঘাটেৰে যাব লাগিব।একেদৰে ঘূৰি আহোঁতে যাত্ৰী সকলে গুৱাহাটী-কুৰুৱা ফেৰী ঘাটেৰে আহিব লাগিব।উল্লেখ যে বৰ্তমান ঘাটটোত অহা আৰু যোৱাৰ ভাড়া ২০টকা ।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে যোৱাবর্ষৰ ৫ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা নাওঁ দুৰ্ঘটনাৰ পাছত ব্ৰহ্মপুত্ৰত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে নাওৰ চলাচল।একেদৰে গুৱাহাটী উমানন্দ ঘাটত বৰ্তমানে চলি থকা ফেৰী দুখনো যোৱা বর্ষৰ নাওঁ দুৰ্ঘটনাৰ পিছত নতুনকৈ অনা হৈছে বুলি  জানিবলৈ দিয়ে।

Your Comments

Related Articles