ভাৰতীয় সেনাত মেগা নিয়োগ ৰেলী : ২-৯ মাৰ্চলৈ অসমৰ মৰিয়নিত এই ৰেলী

ভাৰতীয় সেনাত মেগা নিয়োগ ৰেলী : ২-৯ মাৰ্চলৈ অসমৰ মৰিয়নিত এই ৰেলী

পাক-ভাৰত সংঘাত বৃদ্ধিৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় সেনাত৷ সীমান্তত পাক সন্ত্ৰাসবাদী তথা পাক সেনাৰ অবৈধ হস্তক্ষেপ আৰু সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতীয় সেনাই হাতত লৈছে কঠোৰ পদক্ষেপ৷ ইয়াৰ লগে লগে ভাৰতীয় সেনাৰ জনবল বৃদ্ধিৰ বাবেও সেনাবাহিনীত ব্যাপক হাৰত নিযুক্তিৰ কথা চিন্তা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে৷ সেই উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীত প্ৰচুৰ পৰিমাণৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় সেনাই৷

ইয়াৰ বাবে মার্চ মাহত মেগা নিযুক্তি ৰেলীৰ আয়োজন কৰিছে সেনাবাহিনীয়ে৷ মূলত অসম, অন্ধ্রপ্রদেশ, ঝাৰখণ্ড, চেন্নাই, পুডুচেৰী, ৰাজস্থান, নাগালেণ্ড আৰু পঞ্জাবত এই ৰেলী হ'ব হ'ব মার্চৰ পৰা এপ্রিল পর্যন্ত।প্ৰথম অৱস্থাত শাৰীৰিক সক্ষমতা আৰু মেডিকেল পৰীক্ষা কৰা হ'ব৷ ইয়াৰ পিছত কমন এন্ট্রেন্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। অফিচিয়েল ৱেবছাইট joinindianarmy.nic.in-ত পাব পৰীক্ষাৰ এডমিট কার্ড। ৰেলীৰ সময়ত লগত নিব লাগিব সেই এডমিট কার্ড।অসমৰ বাবে এই ৰেলী অনুষ্ঠিত হৈছে ২ মাৰ্চৰ পৰা৷ ৯ মাৰ্চলৈকে চলিবলগা এই সেনা নিযুক্তি ৰেলী অনুষ্ঠিত হৈছে মৰিয়নিত৷

যোগ্যতা :

সাধাৰণ সৈন্যৰ বাবে প্ৰাৰ্থী দশম শ্রেণী উত্তীৰ্ণ হ'ব লাগিব। দশম শ্ৰেণীত সৰ্বনিম্ন ৪৫ শতাংশ নম্বৰ পাব লাগিব। আনহাতে, প্রত্যেক বিষয়তে ৩৩ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক। গোর্খা প্রার্থীসকলৰ দশম শ্রেণীৰ প্ৰমাণ-পত্ৰ থকাটো বাধ্যতামূলক।
ক্লাৰ্ক সৈন্যৰ বাবে প্ৰাৰ্থী দ্বাদশ শ্রেণী উত্তীৰ্ণ হ'ব লাগিব৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।
দুয়োটা বিভাগৰ বাবে প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ কম হ'ব লাগিব আৰু ১৭ বছৰৰ ঊৰ্ধ্বৰ হ'ব লাগিব৷ এণ্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হ'ব৷
 

Your Comments