ইছলামীয় ৰাষ্ট্ৰসমূহৰ মাজত ভাৰতৰ গুৰুত্ব বৃদ্ধি : পাকিস্তান ক্ৰমাৎ গুৰুত্বহীন

uae_

ৰাজকমল চাংকাকতি

সংযুক্ত আৰব এমিৰেটছৰ আবু ধাবিত মাৰ্চৰ আৰম্ভণিত অনুষ্ঠিত 'অৰ্গেনাইজেছন অব্ ইছলামিক কো-অপাৰেচন' (অ'আইচি)ৰ বৈঠকত সন্মানীয় অতিথি হিচাপে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল।তাত স্বৰাজে কৈছিল যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কোনো ধৰ্মৰ বিৰুদ্ধে যুদ্ধ নহয়।স্বৰাজ কোৱা বুলিয়েই এই কথা সত্য নহয়; যেতিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে-তেতিয়াৰ পৰাই বিশ্বৰ পৰাই সকলো দেশৰ চৰকাৰেই এই কথাটোকে সত্য বুলি ভাবিয়েই এনে সংগঠনসমূহৰ বিৰুদ্ধে যুঁজ চলাই আছে।

বৰ্তমান বিশ্বত আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ প্ৰধানকৈ চলাই আছে ইছলাম ধৰ্মৰ লোকেৰে গঠিত সংগঠনসমূহেই।কিন্তু অধিকাংশ ইছলামীয় ৰাষ্ট্ৰসমূহে এনে সংগঠনসমূহক একে ধৰ্মৰ লোকৰ সংগঠন বুলিয়েই কোনো ধৰণৰ ৰেহাই দিয়া নাই।উক্ত  ৰাষ্ট্ৰসমূহে সম্পূৰ্ণ শক্তি প্ৰয়োগেৰে এনে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে।ইছলাম ধৰ্মৰ বিৰুদ্ধে যুঁজ নহয় বুলি ভবা বাবেই যুদ্ধ চলাই গৈছে।

আফগানিস্তান, ইৰাণ, ছিৰিয়া, ছৌদি আৰব, বাংলাদেশ আদি বহু মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰৰ চৰকাৰে ইছলামধৰ্মীয় লোকৰ সন্ত্ৰাসবাদ সংগঠনক নিৰ্মূল কৰিবলৈ জোৰদাৰ প্ৰয়াস অব্যাহত ৰাখিছে।প্ৰকৃত কথাটো হৈছে প্ৰায় প্ৰতিখন ইছলামীয় ৰাষ্ট্ৰৰ চৰকাৰৰ বাবে এতিয়া বিশ্বায়নৰ যুগত বাণিজ্যৰ জৰিয়তে দেশৰ উন্নতি সাধনহে মূল বিষয়।একে ধৰ্মৰ হোৱা বাবে সন্ত্ৰাসবাদী সংগঠনক পৃষ্ঠপোষকতা কৰাটো নহয়।

uae

ধৰ্মৰ বিচাৰ নকৰাকৈ সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এখন ইছলামীয় ৰাষ্ট্ৰ পাকিস্তান অন্যান্য ইছলামীয় ৰাষ্ট্ৰতকৈ যথেষ্ট পৃথক।একে ধৰ্মৰ হোৱাৰ বাবেই মানৱতাক ভূলুন্ঠিত কৰা সন্ত্ৰাসবাদী সংগঠনৰ সকলো দোষ ক্ষমা কৰি গৈছে দেশখনৰ চৰকাৰ আৰু সেনাই।জম্মু-কাশ্মীৰত আৰু  অন্যান্য প্ৰান্তত কূটাঘাতেৰে ভাৰতক অশান্ত কৰাৰ দায়িত্ব লোৱাৰ বাবেও এনে সংগঠনক প্রিয়পাত্ৰ হিচাপে গ্ৰহণ কৰিছে পাকিস্তানৰ চৰকাৰ-সেনাই।কিন্তু পাকিস্তানৰ এনে চিন্তাধাৰা আৰু নীতিক এতিয়া অগ্ৰাহ্য কৰিছে খোদ ইছলামীয় ৰাষ্ট্ৰসমূহেই।সুষমা স্বৰাজক অ'আইচিৰ বৈঠক লৈ সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ কৰাটো তাৰেই প্ৰমাণ।

আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অ'আইচিৰ দেশসমূহৰ বাবে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ।আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদক  ভাৰতৰ সৈতে একত্ৰিত হৈ নিৰ্মূল কৰাত তেওঁলোক আগ্ৰহী।আন্ত: ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ নিৰ্মূল নোহোৱা পৰ্যন্ত যে আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য সম্পূৰ্ণৰূপে কেতিয়াও সফল নহয়-ভাৰতৰ এই দৃষ্টিভংগীক বুজি উঠিছে তেওঁলোকে।গতিকে এনে মহত্ত্বপূৰ্ণ দিশত সহযোগী ৰাষ্ট্ৰ এখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক নিমন্ত্ৰণ কৰাটো তেনেই স্বাভাৱিক বিবেচিত হৈছে।এই ক্ষেত্ৰত আফগানিস্তান, ইৰাণ,বাংলাদেশ আদি ৰাষ্ট্ৰক ভাৰতে অৰ্থনৈতিক,আন্ত:গাঁথনি উন্নয়নত উল্লেখনীয় সহায় কৰাৰ  প্ৰসংগও আহিব।ভাৰতৰ প্ৰতি কৃতজ্ঞ এনে ৰাষ্ট্ৰসমূহে সুষমা স্বৰাজক নিমন্ত্ৰণ কৰাটোক সমৰ্থন জনাইছিল।

আনহাতে, ছৌদি আৰবৰ যুৱৰাজ ছলমান শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ আহি ৪৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰাটোৱেও বুজায় ভাৰত অ'আইচি অথবা ছৌদিৰ বাবে কিমান গুৰুত্বপূৰ্ণ। ভাৰতক আমন্ত্ৰণ জনোৱাৰ বাবেই পাকিস্তানে অ'আইচিৰ বৈঠক বৰ্জন কৰিলে। পাকিস্তানে ভাৰতৰ প্ৰতি কিমান বিদ্বেষমূলক ভাবধাৰা পোষণ কৰে, এই পদক্ষেপে তাক প্ৰমাণ কৰিলে। কিন্তু এয়া হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হ'ল। এতিয়া অ'আইচিৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ কিছু হ'লেও অৱনতি ঘটিব। সন্ত্ৰাসবাদৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্থানক এতিয়া অধিকভাৱে এঘৰীয়া কৰিব পাৰিব ভাৰতে।

ভাৰতক নিমন্ত্ৰণ দি ইছলামীয় ৰাষ্ট্ৰসমূহেই সন্ত্ৰাসবাদীক সহযোগিতা কৰাৰ পাকিস্তানৰ নীতিক সমূলি অস্বীকাৰ কৰিলে।ইফালে,অ'আইচিত ভৱিষ্যতে বাণিজ্য, সন্ত্ৰাসবাদ নিৰ্মূল আদি বিষয়ত ভাৰতৰ গুৰুত্ব অধিক বৃদ্ধি পাব। এটা বিৰল দৃষ্টান্ত হিচাপে ইছলামীয় ৰাষ্ট্ৰসমূহৰ সংস্থাটোৰ বৈঠকত প্ৰথমবাৰৰ বাবে নিমন্ত্ৰণ লাভ কৰি ভাৰতে ইতিমধ্যেই ইয়াৰ আৰম্ভণি কৰিছে। 

Your Comments