"কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ সংগ্ৰামী সত্তাৰ লগত জড়িত থকা ব্যক্তিৰে গঠন হ'ব লাগিব"

Pic

"ঐক্যতাৰে আগবাঢ়িব কোচ ৰাজবংশী জনগোষ্ঠী।ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি ঐক্যবদ্ধ হৈছে কোচ ৰাজবংশী ১৯টাকৈ জাতীয় সংগঠন"-দিছপুৰ প্ৰেছ ক্লাবত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি ঘোষণা কোচ ৰাজবংশী ১৯টাকৈ জাতীয় সংগঠনৰ নেতৃত্বৰ।

কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ স্বায়ত্ত পৰিষদ গঠনৰ বাবে 'আক্ৰাছু'ৰ দুয়োটা গোট (অৰুণ ৰায়, কৰ্মেশ্বৰ ৰায়) ঐক্যবদ্ধ হোৱাৰ পথত।যৌথ সংবাদমেলত ঘোষণা দুয়োটা গোটৰ নেতৃত্বৰ। শেহতীয়াভাৱে বিজেপি চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত গঠন হ'ব লগা অন্তৱৰ্তীকালীন পৰিষদ সংগ্রামী সত্বাৰ হাতত অৰ্পণ কৰা দাবী জনায় সংগঠনসমূহে। সংবাদমেলত উপস্থিত হৈ আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে কয়-"কোচ ৰাজবংশীৰ সামগ্ৰিক উন্নয়নৰ বাবে গঠন কৰিব লগা কোচ ৰাজবংশী উন্নয়ন পৰিষদখন জনগোষ্ঠীটোৰ সংগ্রামী সত্তাৰ লগত জড়িত থকা ব্যক্তিৰ দ্বাৰা গঠন কৰিব লাগে।নির্বাচনৰ পূৰ্বে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ জনজাতিকৰণৰ প্ৰতিবেদন প্ৰেৰণ কৰি অহা বাজেট অধিৱেশনত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিব লাগে।"

"২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি আছিল জনজাতিকৰণ কৰা প্ৰসংগ।কোচ ৰাজবংশী সংগঠনসমূহে এই সন্দৰ্ভত বহুবাৰ চৰকাৰৰ সৈতে আলোচনা কৰিছে ।পূৰ্ব গৃহমন্ত্ৰী ৰাজনাথ সিঙে লোকসভা-ৰাজ্যসভাত বিল উত্থাপন কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে গৃহীত নহ'ল।পৰৱৰ্তী সময়ত অসম চৰকাৰৰ মন্ত্ৰী গোটত এখন কমিটী গঠন কৰিছিল।যোৱা বৰ্ষৰ ৯ অক্টোবৰত অসম চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা সম্পন্ন হৈছিল।অচিৰেই প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰাৰ কথা আছে।গতিকে বাজেট অধিবেশনৰ পূৰ্বে অসম চৰকাৰে বৰ্তমান জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ প্ৰেৰণ কৰি গৃহীত কৰাব লাগে"- বৰ্মনে লগতে কয়।

ইফালে জনজাতিকৰণৰ লগত কমতাপুৰ বিষয়টো জড়িত নহয় বুলি উল্লেখ কৰি যৌথ সংগঠনসমূহৰ নেতৃত্বই কয়-"আমি আশাবাদী অসম চৰকাৰৰ পৰা প্ৰতিবেদন গ'লে জনজাতিকৰণ পাম।কিন্তু নিৰ্বাচনৰ পূৰ্বে পাব লাগিব ইয়াৰ ফলাফল।" সংবাদমেলত উপস্থিত থাকে দিলীপ কুমাৰ বৰাকে ধৰি ১৯ সংগঠনৰ নেতৃত্ব।

Your Comments