ফেব্ৰুৱাৰীৰ পৰা অসমত কমিব পেট্ৰ’ল–ডিজেল আৰু সুৰাৰ মূল্য !

Pic

ৰাইজৰ বাবে এটা সুখবৰ ! অহা ফেব্ৰুৱাৰী মাহৰ পৰা অসমত পেট্ৰ’ল-ডিজেল আৰু সুৰাৰ মূল্য হ্ৰাস পাব।চৰকাৰে যোৱা বছৰ এই সামগ্ৰীসমূহত আৰোপ কৰা ক’ভিড সম্পৰ্কীয় কৰ অহা মাহৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ আৰম্ভণি তে এই কথা ইতিমধ্যেই ঘোষণা কৰিছিল৷

ক'ৰ’নাই বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ কৰাৰ উদ্দেশ্যেৰে চৰকাৰে এই কৰ আৰোপ কৰিছিল। যোৱা বছৰৰ মে’ মাহত অসম চৰকাৰে IMFLৰ দাম ২৫শতাংশ বৃদ্ধি কৰিছিল।আনহাতে এপ্ৰিল মাহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে লিটাৰত প্ৰায় ৫টকাকৈ বৃদ্ধি কৰিছিল।গতিকে এই অতিৰিক্ত কৰ হ্ৰাস কৰিলে সুৰা আৰু পেট্ৰ’ল–ডিজেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাটো নিশ্চিত।

Your Comments