"এজিপিৰ ৪-৫জন, বিজেপি বিধায়কসহ ১৫ জন সদস্যই যোগদান কৰিব এজেপিত"-পবিন্দ্র ডেকা

Pic

"অসম গণ পৰিষদ দলৰ ৪-৫ জন বিধায়কে শীঘ্ৰে যোগদান কৰিব অসম জাতীয় পৰিষদত।বিজেপিৰ পৰা আহিব বিধায়কসহ একাংশ সদস্য"।এই বিস্ফোৰণ এজেপিৰ কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকাৰ।
আগন্তক ২০-২৫ দিনৰ ভিতৰত নৱগঠিত আঞ্চলিক দলটোত যোগদান কৰিব বিধায়কসকলে।উল্লেখ যে নিৰ্বাচনৰ পূৰ্বে কোন কোন বিধায়কে ত্যাগ কৰিব অগপ,সেই কথা ডেকাই বৰ্তমান ঘোষণা কৰা নাই।

তাৎপৰ্যপূৰ্ণ যে নিৰ্বাচনৰ পূৰ্বে যদি ৪-৫ জন বিধায়কে পুনৰ অগপ ত্যাগ কৰে,তেন্তে দলটোৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।"এজেপিলৈ আহিব লগা বিধায়ককেইজনৰ সৈতে বৰ্তমান যোগাযোগ চলি আছে"-ডেকাই কয়।

বিজেপিৰ ১৫-১৬ জনীয়া সদস্য আৰু বিধায়কৰ এটা দলে এজেপিত যোগদান কৰিব বুলি উল্লেখ কৰি ডেকাই কয়-"বিজেপিৰ পৰা আহিব খোজাসকলক আমি আদৰি ল'ম নে নাই,তাক লৈ চিন্তা-চৰ্চা চলি আছে আমাৰ মাজত।"

গুৰুত্বপূৰ্ণ যে কাৰ্যকৰী সভাপতি ডেকাই এয়া ৯৯% সঁচা খবৰ বুলি ঘোষণা কৰিছে।

ইতিমধ্যে,ৰাইজৰ দলৰ সৈতে নির্বাচনী মিত্ৰতা প্ৰায় চূড়ান্ত কৰিছে এজেপি দলে।

Your Comments