ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ 

Pic

ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ, সোমবাৰৰ পৰা বৰষুণৰ সম্ভাৱনা,১০ ডিগ্ৰী চেলচিয়াছৰ তললৈ তাপমাত্ৰা নামিব পাৰে বুলি জনাইছে বতৰ বিজ্ঞানীয়ে ৷

বৰ্তমান প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। শীতৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাইছে । কিন্তু এতিয়াই শীতৰ পৰা সকাহ নাপাব ৰাজ্যবাসীয়ে। অহা সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰে দিনত গুৱাহাটী মহানগৰীত ২০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামিছে তাপমাত্ৰা। অহা সোমবাৰৰ পৰা আৰু অধিক হ্ৰাস পাব তাপমাত্ৰা। সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নমাৰ সম্ভাৱনা আছে।

কেৱল গুৱাহাটীতেই নহয়, অহা সোমবাৰৰপৰা উজনি অসমৰ প্ৰায় সকলো জিলাতেই তাপমাত্ৰা কমিব পাৰে লগতে কম বেছি পৰিমাণে হ'ব পাৰে বৰষুণো ৷

Your Comments