শিল্পী দিৱসত আজি অসমীয়াই শ্ৰদ্ধাৰে সুঁৱৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক

Rupkonwar

অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ ভোটাতৰা,অবিস্মৰনীয় ব্যক্তিত্ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিৱস।১৯০৩ চনৰ ১৭ জুনত জন্মগ্ৰহণ কৰা মহান শিল্পীগৰাকীৰ ১৯৫১ চনৰ ১৭ জানুৱাৰীত পৰলোকপ্ৰাপ্তি ঘটিছিল।১৭ জানুৱাৰীৰ এই দিনটো 'শিল্পী দিৱস' হিচাপে পালন কৰিছে অসমবাসীয়ে।

প্ৰথম অসমীয়া ছবি 'জয়মতী'ৰ নিৰ্মাতা তথা শোণিত কুঁৱৰী,নিমাতী কন্যা,কাৰেঙৰ লিগিৰী,ৰূপালীমৰ দৰে অমৰ নাটৰ স্ৰষ্টা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমৰ সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰলৈ থকা মূল্যৱান অৱদানৰ কথা আজি সচেতন অসমীয়াসকলে শ্ৰদ্ধাৰে সুৱঁৰিছে।

উল্লেখ্য যে ৰূপকোঁৱৰ আগৰৱালা এজন অগ্ৰণী স্বাধীনতা সংগ্ৰামীও আছিল।স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ব্ৰিটিছ চৰকাৰে ১৫ মাহৰ বাবে কাৰাৰুদ্ধ কৰি ৰাখিছিল।

Your Comments