গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ:ৰিপুন বৰাসহ প্ৰতিবাদকাৰীক আটক

Pic

বিতৰ্কিত কৃষি আইন বাতিলৰ লগতে পেট্ৰ'ল,ডিজেল,ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।গুৱাহাটী ক্লাবৰ ৰটাৰীত শনিবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। মোডী চৰকাৰ হায় হায়,বিজেপি গ' বেক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

Pic

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰিপুন বৰা,সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন শীৰ্ষ নেতা।

প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে আটক কৰে ৰিপুন বৰা,ৰকিবুল হুছেইন, গৌৰৱ গগৈ প্ৰমুখ্যে প্ৰতিবাদকাৰীসকলক।

Your Comments