বৰদুৱাৰ বাগানত শৰীৰচৰ্চা কেন্দ্ৰ মুকলি

Pic

নুৰুল ইছলাম,চানডুবি:

কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত মঙলবাৰে এটা শৰীৰচৰ্চা কেন্দ্ৰ মুকলি কৰা হয় ৷ প্ৰাক্তন সৈনিক চন্দন দাসে স্থাপন কৰা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট শৰীৰচৰ্চাবিদ দ্বীপজ্যোতি বড়োৱে।অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই সুখী অনুভৱ কৰিছে বুলি উল্লেখ কৰে শৰীৰচৰ্চাবিদগৰাকীয়ে ৷ তদুপৰি কেন্দ্ৰটিয়ে যুৱপ্ৰজন্মৰ মাজত এক আশাব্যঞ্জক সঁৰি লাভ কৰিব বুলিও তেওঁ দোহাৰে ৷

Pic

নিতুল ৰাভাই পৰিচালনা কৰা অনুষ্ঠানটিত বৰদুৱাৰ ভোলাগাঁঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা উপস্থিত থাকি নিজ বক্তব্যত উক্ত কেন্দ্ৰটিৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ পৰা খ্যাতিসম্পন্ন শৰীৰচৰ্চাবিদৰ জন্ম হব বুলি আশা প্ৰকাশ কৰে ৷

Your Comments