অখিল গগৈ 'ৰাইজৰ দল'ৰ সভাপতি নিৰ্বাচিত: মুখ্য উপদেষ্টা ডঃ হীৰেন গোহাঁই

Pic

'ৰাইজৰ দল'ৰ প্ৰতিষ্ঠাপক সভাপতি নির্বাচিত কৃষক নেতা অখিল গগৈ।মৰাণৰ আহোম পথাৰত অনুষ্ঠিত দলটোৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ সৰ্বসন্মতি ক্ৰমে ঘোষণা কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা।কাৰাৰুদ্ধ অৱস্থাত থকা গগৈ সভাপতি নিৰ্বাচন হোৱাৰ পিছতে 'ৰাইজৰ দল'ৰ স্যদস্যসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ।

শুকুৰবাৰে নিশা প্ৰতিনিধি সভাই কৃষক নেতাগৰাকী সভাপতি হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে।

দলটোৰ মুখ্য উপদেষ্টা বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই।উপদেষ্টা হিচাপে আছে-উদায়দিত্য ভৰালী, ডঃ সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত,ডঃ ঘনশ্যাম নাথ, হাফিজ বচিৰ চৌধুৰী।

দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া,কবিন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা।

দলৰ উপ-সভাপতি ক্ৰমে- সুমিত্রা হাজৰিকা, মোহিনী মোহন লিগিৰা,কমল কুমাৰ মেধি,ৰাছেল হুছেইন,দীপক শইকীয়া,ৰঞ্জিত তামুলী, ডা: হৰিকান্ত দাস,চৰণ ডেকা, দিলীপ বৰা,বেদান্ত লস্কৰ,হৰেশ্বৰ বৰ্মন,ফণী টায়েং,অনিল বড়ো,ভৱেন বৰুৱা,টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা,পুলিন ভট্টাচাৰ্য।

Your Comments