'আপ'ৰ সংখ্যালঘু কোষৰ সভাপতিসহ ৭৬ গৰাকী সদস্যৰ এজেপিত যোগদান

Pic

*নৱবৰ্ষৰ দ্বিতীয় দিনটোত আত্মপ্ৰত্যয়েৰে কৈছোঁ,'২১ত জাতীয়তাবাদ,আঞ্চলিকতাবাদী চৰকাৰ, নিশ্চিত-লুৰীণজ্যোতি গগৈ*

২০২১ৰ নিৰ্বাচনৰ লক্ষ্যৰে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ তৎপৰতা অসম জাতীয় পৰিষদৰ।ইংৰাজী নৱবর্ষৰ দ্বিতীয় দিনটোত অসম জাতীয় পৰিষদত যোগদান কৰিলে ৭৬গৰাকী নতুন সদস্যই।গুৱাহাটীৰ মাছখোৱাৰ আইটিআই প্ৰকল্পত যোগদান আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি জীয়াউৰ ৰহমান খান প্ৰমুখ্যে অন্য সদস্যসকলে।

Pic

ইয়াৰ উপৰিও সমাজকর্মী অকণ শইকীয়াই এজেপিত আনুষ্ঠানিকভাৱে উক্ত অনুষ্ঠানতে যোগদান কৰে।

"অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এজেপিৰ কোনো বিকল্প নাই।জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ধাৰাক বাদ দি অসমৰ সমাজ জীৱনত সামাজিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ অন্য কোনো বিকল্প নাই।সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্তিশালী যোগদান কাৰ্যসূচী আৰম্ভ হ'ব।ব্যাপক সহায়- সহযোগিতা-উৎসাহ আছে।ৰাইজেই আমাৰ মূলধন।"এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়।

"নৱবৰ্ষৰ দ্বিতীয় দিনটোত গভীৰ আত্মপ্ৰত্যয়েৰে ক'ব খোজো '২১ত আঞ্চলিকতাবাদ,জাতীয়তাবাদৰ চৰকাৰ, সেয়া নিশ্চিত"- গগৈয়ে লগতে কয়।

এজেপি দলত যোগদান কৰি 'আপ'ৰ সংখ্যালঘু কোষৰ সভাপতি খানে কয়-"অসমৰ সাম্প্ৰতিক পৰিস্থিতিত এটা চামে ধৰ্মৰ নামত ৰাজনীতি কৰি নিজৰ মুনাফা অব্যাহত ৰাখিছে।অসমৰ পৰিস্থিতি উদ্ধাৰ কৰিবলৈ বিজেপি এআইইউদিএফক পৰাভূত কৰিব লাগিব।"

যোগদান কাৰ্যসূচীত এজেপি দলৰ সম্পাদক জগদীশ ভূঞা,উপদেষ্টা কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকা উপস্থিত থাকে।

Your Comments