"অজন্তা নেওগে বিজেপি দলত যোগদান কৰি প্ৰয়াত স্বামী নগেন নেওগৰ আদৰ্শক হত্যা কৰিলে"-ৰিপুন বৰা

Pic

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগৰ বিজেপিত যোগদানৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া।গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত বৰাই কয়-"বাইদেউক আমি বহিষ্কাৰ কৰিছোঁ।তেওঁ কংগ্ৰেছ দলত ২০ বছৰ থাকি লবী দেখা নাপালে এতিয়া লবী দেখা পালে।"

বাইদেউক মেচি'য়ৰ্ড ৰাজনীতিবিদ বুলি ভাবিছিলো।তেওঁৰ নিকা,স্বচ্ছ বুলি এটা ইমেজ আছে।কিন্তু মঙলবাৰে গম পালোঁ তেওঁ যে মেচি'য়ৰ্ড নহয় বুলি বৰাই কয়-"বিজেপিত ভৱিষ্যৎ দেখিছে,ভৱিষ্যৎ ভাল দেখি যোগদান কৰিছে।কিন্তু ইমানদিনে বিজেপিত ভৱিষ্যৎ দেখা নাছিল।বিজেপিক  সমালোচনা কৰিছিল।"

অজন্তা নেওগ ৰাজনীতিবিদ নাছিল।তেওঁ এগৰাকী উকীল আৰু গৃহীনী আছিল।কোনো দিনে কংগ্ৰেছ দলত তেওঁ নাছিল।কিন্তু উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰোৱা স্বামী নগেন নেওগৰ ত্যাগক স্বীকৃতি-সন্মান দিবলৈ ধূলি-মাটি গচকি নোপোৱা বাইদেউক টিকট প্ৰদান কৰি বিধায়িকা বনাই,১৫টা বছৰ গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰা হৈছিল।উগ্ৰপন্থীয়ে নগেন নেওগক কায়িক দেহা হত্যা কৰিছিল,কিন্তু বিজেপি দলত বাইদেউৱে যোগদান কৰি প্ৰয়াত স্বামীৰ আদৰ্শক হত্যা কৰিলে"-বৰাই লগতে কয়।

Your Comments